তেজপুৰ, ২৩ ছেপ্টেম্বৰ : প্ৰথম বাৰৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভাটৰ ভাৰত-চীন সীমান্ত পৰিদৰ্শন । পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ বুমলা পাছত বুধবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভাট উপস্থিত হয় । মন্ত্ৰীগৰাকীৰ লগত ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী (GOC-in-C) মনোজ পাণ্ডে আৰু তেজপুৰস্থিত গজৰাজ কৰ্পছৰ দায়িত্বত থকা লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাও (Lt. Gen. Ravin Khosla) উপস্থিত থাকে ।

ভাৰত-চীন সীমান্তৰ অতি স্পৰ্শকাতৰ সীমান্তত 'হিপ অৱ স্তন'ত পাথৰ দলিয়াই প্ৰাৰ্থনা জনায় মন্ত্ৰীগৰাকীয়ে । সীমান্ত পৰিদৰ্শন কৰি বুমলাত বাহৰ পাতি থকা ভাৰতীয় সেনাৰ লগত কিছু সময় অতিবাহিত কৰি চাহমেলত ভাগ লয় মন্ত্ৰীগৰাকীয়ে । অত্যন্ত ঠাণ্ডা আৰু উচ্চ শিখৰত ভাৰতীয় সেনাই প্ৰবল প্ৰত্যাহ্বানৰ মাজেৰে নিজৰ কৰ্তব্য পালন কৰি আহিছে । সেনাৰ এনে মনোবল দেখি অভিভূত মন্ত্ৰীগৰাকী ।
তেওঁ কয় যে, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ (Pema Khandu) ঘৰ টাৱাঙত আৰু তেওঁ ইয়াৰ সীমান্তৰ লোক সকলৰ লগত সঘনাই যোগাযোগ ৰাখে, যাৰ ফলত সেনা আৰু স্থানীয় লোকৰ মাজত সম্পৰ্ক অতি মধুৰ হৈ আছে । মন কৰিবলগীয়া যে, ছয় মাহ পূৰ্বে অৰুণাচল প্ৰদেশৰ বুমলাৰ সীমান্তত চীনা চৰকাৰে স্থায়ী বাসিন্দাসকলৰ বাবে গাঁও স্থাপন কৰাৰ বাতৰিয়ে শিৰোনাম দখল কৰিছিল আৰু তাৰ পাছত সেনা তথা ভাৰত চৰকাৰৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া দিয়া হোৱা নাছিল ।

কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী ভাটে প্ৰথম বাৰৰ বাবে উক্ত অঞ্চলত উপস্থিত হয় আৰু সীমান্তৰ সিটো পাৰত থকা চীনৰ ঘৰবোৰ পৰিদৰ্শন কৰি এইপাৰে থকা ভাৰতীয় সেনা জোৱানসকলে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে বুলি তেওঁ দাবী কৰে । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে তেওঁৰ এই ভ্ৰমণ কালত টাৱাঙত এটা নিশা কটাই । এই সময়ছোৱাত টাৱাঙৰ ১৯৬২ চনৰ চীনা যুদ্ধৰ বীৰ শ্বহীদ যশোৱন্ত সিঙৰ ১০,৮০০ ফুট উচ্চতাত থকা ৱাৰ মেম'ৰিয়েলত (Jaswant Singh Rawat war memorial) ৬৫ ফুট ওখ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।
উল্লেখ্য যে এই পতাকা সমগ্ৰ টাৱাং ভেলীত দৃশ্যমান হৈ থাকিব । কেন্দ্ৰীয় মন্ত্ৰী ভাট বৃস্পতিবাৰে পুৱা টাৱাঙৰ পৰা নতুন দিল্লীলৈ উৰা মাৰে । উল্লেখ্য যে তুষাৰপাত হোৱাৰ প্ৰাকক্ষণত কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী গৰাকীৰ সীমান্ত অঞ্চল পৰিদৰ্শনে সেনাবাহিনীৰ মাজত যথেষ্ট গুৰুত্ব বহন কৰিছে ।
লগতে পঢ়ক :লখিমপুৰত মুণ্ডন কৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ