ETV Bharat / state

Air patrolling at Tezpur : তেজপুৰৰ আকাশত বায়ুসেনাৰ যুঁজাৰু বিমানৰ এয়াৰ পেট্ৰ’লিং - Tawang Clash

টাৱাংকাণ্ডৰ উত্তেজনা অব্যাহত থকাৰ মাজতে তেজপুৰৰ আকাশত দেখিবলৈ পোৱা গৈছে বায়ুসেনাৰ যুঁজাৰু বিমানৰ এয়াৰ পেট্ৰ’লিং (Air patrolling at Tezpur)৷ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘাতৰ পাচতে তৎপৰতা বৃদ্ধি পাইছে ভাৰতীয় সেনা বাহিনীৰো (IAF Combet Flying patrolling at Tezpur) ৷

Air patrolling at Tezpur
তেজপুৰৰ আকাশত বায়ুসেনাৰ যুঁজাৰু বিমানৰ এয়াৰ পেট্ৰ’লিং
author img

By

Published : Dec 13, 2022, 9:58 PM IST

Updated : Dec 13, 2022, 10:36 PM IST

তেজপুৰ, ১৩ ডিচেম্বৰ : এতিয়াও অব্যাহত আছে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘাতৰ উত্তেজনা (Tawang Clash) ৷ সৰ্বত্ৰে এতিয়া কেৱল টাৱাংকাণ্ডৰ চৰ্চা ৷ যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখি হ’বলৈ সস্তম হৈ আছে ভাৰতীয় সেনা বাহিনী ৷

ইটিভি ভাৰতৰ কেমেৰাত বন্দী বায়ুসেনাৰ যুঁজাৰু বিমানৰ অনুশীলনৰ দৃশ্যাংশ

ইয়াৰ মাজতে মঙলবাৰে বিয়লিৰ ভাগত তেজপুৰৰ আকাশত দেখিবলৈ পোৱা গৈছে বহু বায়ুসেনাৰ যুঁজাৰু বিমান ৷ টাৱাংকাণ্ডৰ পাচতেই তৎপৰতা বৃদ্ধি পাইছে ভাৰতীয় বায়ুসেনাৰো (IAF Combet Flying patrolling at Tezpur) ৷ যাৰ বাবে ভাৰতীয় বায়ুসেনা যুঁজাৰু বিমানে সঘনে নৈশ অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে ।

ইটিভি ভাৰতৰ কেমেৰাত আজি সন্ধিয়া বন্দী হৈছে এই অনুশীলনৰ দৃশ্যাংশ ।

লগতে কমবেত এয়াৰ পেট্ৰ’লিঙো বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে । কিন্তু এই বিষয়ে বিভাগীয় সূত্ৰই কোনো তথ্য প্ৰকাশ কৰা নাই । বিগত সপ্তাহত চীনৰ পিএলএ সৈন্যই সীমান্ত ৰাজ্যখনৰ টাৱাং খণ্ডত একপক্ষীয়ভাৱে যথাৰ্থ অৱস্থা সলনি কৰাৰ প্ৰচেষ্টা চলোৱাৰ পিচতে ভাৰতীয় বায়ুসেনাই অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰিস্থিতি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে (China India border situation) ৷

লগতে পঢ়ক : Tawang Clash : এতিয়া ১৯৬২ নহয়, চীনক কঠোৰ সকীয়নি অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

৯ ডিচেম্বৰত চীনে কৰা উলংঘাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সেনা বাহিনী আৰু ভাৰতীয় বায়ুসেনা বাহিনী চমুকৈ IFA ও সেই অঞ্চলসমূহত নিজৰ সামগ্ৰিক চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে ৷ সোমবাৰৰ পৰা তেজপুৰস্থিত বায়ুসেনা ঘাটিৰ পৰা আই এ এফে অঞ্চলটোত নিজৰ যুদ্ধ বিমানেৰে ছ’ৰ্টীৰ কম্পাংক বৃদ্ধি কৰা পৰিলক্ষিত হৈছে (Air patrolling of Indian Air Force fighter aircraft at Tezpur)।

তেজপুৰ বায়ুসেনা ঘাটিত বায়ুসেনাৰ চোখয় 30 MKI ৰ এক বিশেষ ঘাটি আছে ৷ প্ৰায়ে এই বিমান ঘাটিৰ পৰা অনুশীলন অব্যাহত থাকে । কিন্তু বিগত দুটা দিনত এই অনুশীলন দিনে-ৰাতিয়ে কৰা দেখিবলৈ পোৱা গৈছে । আনহাতে, তেজপুৰ মিছামাৰীৰ সেনা ঘাটিৰ পৰাও মঙলবাৰে অৰুণাচল প্ৰদেশৰ সীমান্তলৈ এক বুজন পৰিমাণৰ সেনাৰ আগমন ঘটিছে বুলি সেনাৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Indo China standoff: চীনে দাবী কৰিলেও অৰুণাচল কেতিয়াও চীনৰ অংশ নহয়; স্থানীয় লোক

Last Updated : Dec 13, 2022, 10:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.