ETV Bharat / state

MIYA CONTROVERSY: "অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ মিঞা লোকসকল"- বিধায়ক আমিনুল ইছলাম

author img

By

Published : Jul 14, 2023, 8:04 PM IST

"মিঞা লোকসকলে নিজ ল’ৰা-ছোৱালীক অসমীয়া ভাষাত পঢ়াইছে, শুনাইছে ৷ মিঞাসকলে নিজকে বুলি গৌৰৱ কৰে ৷ এই কথা নতুন নহয় যে, মিঞাসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ" - বিধায়ক আমিনুল ইছলাম

MIYA CONTROVERSYAIDUF MLA AMINUL ISLAM REACTS ON MIYA CONTROVERSY
"অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ মিঞা লোকসকল"- বিধায়ক আমিনুল ইছলাম

তেজপুৰ, 14 জুলাই : "অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ মিঞা লোকসকল ৷ বিগত 100 বছৰত মিঞা এলেকাসমূহত মিঞা লোকসকলে হাজাৰ স্কুল কলেজ অসমীয়া ভাষাত স্থাপন কৰিছে ৷ মিঞা লোকসকলে নিজ ল’ৰা-ছোৱালীক অসমীয়া ভাষাত পঢ়াইছে, শুনাইছে ৷ মিঞাসকলে নিজকে বুলি গৌৰৱ কৰে ৷ এই কথা নতুন নহয় যে, মিঞাসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ ৷ এই কথাহে প্ৰতিপন্ন কৰিব খুজিছিল মৌলানা বদৰুদ্দিন আজমলে ৷ মুখ্যমন্ত্ৰীয়ে এই মন্তব্যক সাম্প্ৰদায়িক ৰূপ দিবলৈ বিচাৰিছে ৷ মুখ্যমন্ত্ৰীয়ে সত্যটো স্বীকাৰ কৰিব লাগে যে কোনো এটা জনগোষ্ঠী বাদ দি যে অসমীয়া জাতি নহয় ৷ ধৰ্মৰ নাম লৈ অসমীয়া জাতি হোৱা নাই, সকলো ধৰ্মৰ লোক একলগ হৈহে অসমীয়া জাতি হৈছে ৷ কেৱল আজমলেই নহয় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিয়েও একে কথাকে কৈ আহিছে ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিব খুজিছে ৷ মুখ্যমন্ত্ৰীয়ে সত্যক মানি লওক ৷ " তেজপুৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি AIUDF ৰ বিধায়ক আমিনুল ইছলামে এনেদৰে আহ্বান জনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷

শুকুৰবাৰে তেজপুৰত অসম বিধানসভাৰ আইন প্ৰণয়ন কমিটী Act Implementation Committee ৰ এক ছয়জনীয়া দল উপস্থিত হয় ৷ লগতে, মুখ্যমন্ত্ৰীক পদমৰ্যাদা ৰক্ষা কৰি চলিবলৈ আহ্বান AIUDF ৰ বিধায়ক আমিনুল ইছলামৰ ৷

লগতে বিধায়কগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰীৰ জন্মৰ বহু বছৰ পূৰ্বৰে পৰা অসমত বসবাস কৰা মিঞা-মুছলমানে নিজকে অসমীয়া বুলি পৰিচয় দাঙি ধৰিছে ৷ 2024ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিভাজনমুখী তথা সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে৷ মুখ্যমন্ত্ৰীৰ মুখত এনে মন্তব্য শুভা নাপায় ৷

ইয়াৰোপৰি, সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে বিধায়ক ইছলামে ৷ এই খচৰাত কেবাটাও আসোঁৱাহ থকাৰ লগতে সকলো ত্ৰুটি ঠিক কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে, অসম বিধান সভাৰ আইন ৰূপায়ণ কমিটীৰ দলটোৱে তেজপুৰত উপস্থিত হৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ আন্তঃগাঁথনি বুজ লোৱাৰ লগতে ৰোগীয়ে কিদৰে উপযুক্ত সা-সুবিধা লাভ কৰিছে, তাৰো বুজ লয় ৷ বিভিন্ন সময়ত লাভ কৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ অভিযোগসমূহ চালি জাৰি চাই চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ ওচৰত সেই সমূহৰ প্ৰতিবেদন দাখিল কৰিব দলটোৱে ৷

লগতে পঢ়ক: Haj Pilgrimage 2023 : মক্কা-মদিনাত চৰম দূৰ্ভোগৰ সন্মুখীন অসমৰ হজযাত্ৰীৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.