ETV Bharat / state

ৰঙাপৰাত ভুৱা পৰিচয়েৰে ধৰ্মান্তকৰণৰ চেষ্টা কিশোৰীক

author img

By

Published : Jul 26, 2020, 11:51 AM IST

ৰঙাপৰাত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্য-কলাপ ৷ এগৰাকী কিশোৰীক ভুৱা পৰিচয়েৰে প্ৰেমৰ জালত বন্দী কৰা এগৰাকী ব্যক্তিৰ চেষ্টাক ব্যৰ্থ কৰি স্থানীয় ৰাইজে ব্যক্তিগৰাকীক চমজাই দিছে আৰক্ষীক ৷ বিগত 7 জুলাইতো অনুৰূপ ঘটনা সংঘটিত হৈছিল অঞ্চলটোত ৷ এগৰাকী যুৱতীক বলপূৰ্বকভাৱে এজন যুৱকে ধৰ্মান্তকৰণৰ তথ্য পোহৰলৈ আহিছে ৷

Adolescents try to convert to other religion with a fake identity in rangapara sonitpur assam etv bharat news
ভূৱা পৰিচয়েৰে ধৰ্মান্তকৰণৰ চেষ্টা কিশোৰীক

ৰঙাপৰা,26 জুলাই: প্ৰৱঞ্চনাৰে যুৱতীক ধৰ্মান্তকৰণ কৰাৰ চেষ্টা চলোৱাৰ দৰে ঘটনা সংঘটিত হৈছে ৰাজ্যত ৷ ঘটনাটো সংঘটিত হৈছে শোণিতপুৰ জিলাৰ ৰঙাপৰাত ৷ ঘটনাৰ বিৱৰণী অনুসৰি, তেজপুৰৰ ২নং জোৰঘৰ গাঁৱৰ নিবাসী হাতেম আলীৰ পুত্ৰ ফাইজুল ইছলামে ৰঙাপৰাৰ অজিত সাহাৰ বাসগৃহত ৰাজমিস্ত্ৰী হিচাপে কাম কৰি আহিছিল ৷ এনে সময়তে দুই সন্তানৰ পিতৃ ফাইজুলৰ ভুৱা প্ৰেমৰ জালত বন্দী হৈছিল একে অঞ্চলৰে অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰী । কিশোৰীগৰাকীক প্ৰেমৰ জালত বন্দী কৰি ফাইজুলে নানা প্ৰলোভনেৰে পলুৱাই নিয়াৰ চেষ্টা চলাওতে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ স্থানীয় ৰাইজে কিশোৰীগৰাকীক উদ্ধাৰ কৰি ঘটনাত জড়িত ব্যক্তিগৰাকীক ৰঙাপৰা আৰক্ষীক চমজাই দিয়ে ৷

ৰাজ্যখনত চলি থকা এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ ৰঙাপৰা আঞ্চলিক সমিতিয়ে প্ৰশাসন তথা ৰাজ্য চৰকাৰক দাবী জনাইছে । উল্লেখ্য যে, বিগত ৭ জুলাইত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ভেলোৱাটাৰ এগৰাকী পাটৰ উপাধিৰ যুৱতীক একেখন গাঁৱৰে আশ্ৰফ আলীয়ে অপহৰণ কৰি পৰৱৰ্তী সময়ত জোৰ-জুলুমকৈ ধৰ্মান্তকৰণ কৰিছিল । অঞ্চলটোত সঘনে সংঘটিত এনে ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে ৷

লগতে চাওকঃ কাৰ্গিল বিজয় দিৱস : পুত্ৰক হেৰুওৱাৰ দুখ আছে যদিও তেওঁৰ বীৰত্বত আজিও আমি সুখী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.