ETV Bharat / state

ঘনশ্যাম বৈশ্যৰ হত্যাকাণ্ডত জড়িত অভিযুক্তক আটক - তেজপুৰ আৰক্ষী

তেজপুৰৰ আৰিমৰা চাপৰিৰ ব্ৰহ্মপুত্ৰৰ পানী জুৱলীত ক্ষত-বিক্ষত অৱস্থাত উদীয়মান যুৱ ব্যৱসায়ী ঘনশ্যাম বৈশ্যৰ বিগত 7 মে’ত মৃতদেহ উদ্ধাৰ হৈছিল ৷ এটা ম’বাইল ফোনৰ বাবে বিকাশ দাস নামৰ যুৱকজনে সহযোগী কাণো দাসৰ সৈতে মিলি হত্যা কৰিছিল ঘনশ্যামক ৷ এই হত্যাকাণ্ডৰ মূল অভিযুক্তক অৱশেষত আটক কৰিবলৈ সক্ষম হৈছে তেজপুৰ আৰক্ষী ৷

Accused arrested by police related to ghanashyam baishya murder case tezpur sonitpur assam etv bharat news
অভিযুক্তক আটক
author img

By

Published : Jun 3, 2020, 8:46 PM IST

তেজপুৰ, 3 জুন: তেজপুৰত সংঘটিত এক ৰহস্যময় হত্যাকাণ্ডৰ মূল অভিযুক্তক অৱশেষত আটক কৰিবলৈ সক্ষম হৈছে তেজপুৰ আৰক্ষী ৷ এই হত্যাকাণ্ডই কিছুদিন পূৰ্বে জোকাৰণি সৃষ্টি কৰিছিল সমগ্ৰ তেজপুৰ চহৰত ৷ আটকাধীন হত্যাকাৰীয়ে কৰযোৰে হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,তেজপুৰৰ আৰিমৰা চাপৰিৰ ব্ৰহ্মপুত্ৰৰ পানী জুৱলীত ক্ষত-বিক্ষত অৱস্থাত উদীয়মান যুৱ ব্যৱসায়ী ঘনশ্যাম বৈশ্যৰ বিগত 7 মে’ত মৃতদেহ উদ্ধাৰ হৈছিল ৷ এটা ম’বাইল ফোনৰ বাবে বিকাশ দাস নামৰ যুৱকজনে সহযোগী কাণো দাসৰ সৈতে মিলি হত্যা কৰিছিল ঘনশ্যামক ৷ হত্যাৰ পিছত স্কুটিৰ মাজত বহুৱাই ব্ৰহ্মপুত্ৰত পেলাই দিছিল ব্যৱসায়ীজনৰ মৃতদেহ ৷

ঘনশ্যাম বৈশ্যৰ হত্যাকাণ্ডত জড়িত অভিযুক্তক আটক

আনহাতে,নিৰজ দাস নামৰ এজন যুৱকে বিকাশৰ অনুৰোধ ৰক্ষা কৰি হত্যাত ব্যৱহৃত স্কুটিখন ব্ৰহ্মপুত্ৰত পেলাই দিছিল ৷ বৰ্তমান আৰক্ষীয়ে স্কুটিখন উদ্ধাৰৰ বাবে এছডিআৰএফ-ৰ সহায়ত অভিযান চলাইছে ৷ উল্লেখ্য যে, বিকাশ আৰু কাণো দাস তেজপুৰৰ ৰাধিকাপুৰৰ বাসিন্দা ৷ মূলতঃ নিচাযুক্ত দ্ৰব্যৰ বাবে উক্ত ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । তেজপুৰ নদী আৰক্ষীয়ে ইতিমধ্যে ঘনশ্যামৰ মৃতদেহ উদ্ধাৰ কৰি নদী আৰক্ষীত 04/2020 ভাৰতীয় দণ্ডবিধিৰ 302/ 201/34 IPC অধীনত এক গোচৰ ৰুজু কৰিছিল ৷

লগতে চাওকঃ পথৰ দাঁতিত উদ্ধাৰ মহিলাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.