ETV Bharat / state

শ্বহীদৰ স্মৃতিত তেজপুৰত স্থাপন ‘অসম বন্তি’ - অসম বন্তি

আজিৰ দিনটোতেই ইতিহাস প্ৰসিদ্ধ তেজপুৰ শ্বহীদ বাকৰিত সমাধিস্থ কৰা হৈছিল স্বদেশৰ কাৰণে আত্মবলিদান দিয়া তেজপুৰৰ বীৰ শ্বহীদ অনুকূল কাকতি, ৰূপক নাথ আৰু মৃত্যুঞ্জয় দাসক ৷ অসমৰ শ্বহীদকসকলৰ স্মৃতিত তেজপুৰত আছুই স্থাপন কৰে অসম বন্তি তথা অগ্নিশিখা ।

AASU tribute to three martyr of 1983
শ্বহীদৰ স্মৃতিত তেজপুৰত স্থাপন ‘অসম বন্তি’
author img

By

Published : Jan 1, 2020, 6:22 PM IST

তেজপুৰ, ১ জানুৱাৰীঃ তেজপুৰত প্ৰজ্বলিত হ’ল ‘অসম বন্তি’ ৷ অসমৰ বাবে এটা চিৰ অভিশপ্ত বছৰ 1983 চন ৷ যাক ভূপেন দাই গীতৰ ভাষাৰেই কৈ গৈছিল জুয়ে পোৰা তিৰাশী বুলি ৷ সুদীৰ্ঘ 37 বছৰ অতিক্ৰম কৰিলে তেজপুৰৰ বীৰ শ্বহীদ অনুকূল কাকতি, ৰূপক নাথ আৰু মৃত্যুঞ্জয় দাসৰ দেহাৱসানে ৷ আজিৰ দিনটোতেই ইতিহাস প্ৰসিদ্ধ তেজপুৰ শ্বহীদ বাকৰিত সমাধিস্থ কৰা হৈছিল স্বদেশৰ কাৰণে আত্মবলিদান দিয়া এই তিনিগৰাকী শ্বহীদক ৷ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহুৱাকৈ তিনিও গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

শ্বহীদৰ স্মৃতিত তেজপুৰত স্থাপন ‘অসম বন্তি’

আনহাতে, অসমৰ শ্বহীদসকলৰ স্মৃতিত তেজপুৰত আছুই স্থাপন কৰে অসম বন্তি তথা অগ্নিশিখা । শ্বহীদ অনুকূল কাকতিৰ ১০৫ বছৰীয়া মাতৃ মই কাকতিয়ে প্ৰজ্বলন কৰে আছুৰ এই ‘অসম বন্তি’। ইয়াৰোপৰি শিল্পীসকলে গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ এই অনুষ্ঠানৰ জৰিয়তে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সকলোকে মাত মাতি যাবলৈ আহ্বান জনায় ।

আৰু পঢ়কঃ বিপদ স্বত্বেও ভুল পথেৰে যাত্ৰা!

Intro:তেজপুৰ,১ জানুৱাৰী : জুয়ে পোৰা ১৯৮৩ । সুদীৰ্ঘ ৩৭ বছৰ হল তেজপুৰৰ বীৰ শ্বহীদ অনুকূল কাকতি, ৰূপক নাথ আৰু মৃত্যুঞ্জয় দাস ৰ ।এই ইতিহাস প্ৰসিদ্ধ তেজপুৰ শ্বহীদ বাকৰিত তিনিউজনক সমাধিস্থ কৰা হৈছিল আজিৰ এই দিনটোত ।

Body:১৯৮৩ চনৰ ১ জানুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ অসম এই তিনিও গৰাকী নেতাই আত্মবলিদান দিছিল স্বদেশৰ কাৰণে । আজি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহুৱা কৈ তিনিও জন শ্বহীদক স্বৰ্দ্ধাঞ্জলি জনাই ছাত্ৰ সন্থাই আৰু সমগ্ৰ অসমৰ শ্বহীদক স্বৰ্দ্ধা জনাই স্থাপন কৰে অসম বন্তি , অগ্নিশিক্ষা ।
শ্বহীদ অনুকূল কাকতিৰ ১০৫ বছৰীয়া মাতৃ মই কাকতিয়ে প্ৰজলন কৰে আছুৰ এই "অসম বন্তি ",।
শিল্পীয়ে গীতৰ সুৰৰে স্বৰ্দ্ধাঞ্জলি জ্ঞাপন কৰে তিনিজন শ্বহীদক । সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্য নিবাহক নিতুল বৰাই শ্বহীদ মাতৃক বছৰৰ প্ৰথম দিনটোত ভৰি চুই আৰ্শীবাদ লয় । ইয়াৰ জৰিয়তে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মাত মাতি যাবলৈ আহ্বান জনায় ।
Bite: অৰূপ তালুকদাৰ , সভাপতি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা ।
Bite: দেবাঞ্জল পাঠক , সম্পাদক ।

Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ ।
১/১/২০২০ / ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.