ৰঙাপৰা,13 মাৰ্চ: শোণিতপুj জিলাৰ দহখন আঞ্চলিক ছাত্র সন্থাই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শনিবাৰে বিশাল বাইক ৰেলী বাহিৰ কৰে । জিলাখনৰ তেজপুৰৰ পৰা বালিপৰা, জামুগুৰি, ৰঙাপৰা, ঢেকীয়াজুলি হৈ উলিওৱা বিশাল সমদলত অংশ গ্ৰহণকাৰীসকলে CAA আমি নামানো, এই জুই জ্বলিছে, জ্বলিবই, বিজেপি গ’ বেক আদি বিভিন্ন শ্ল’গান দি বালিপৰাৰ আকাশ-বতাহ মুখৰিত কৰি তোলে ৷
লগতে আগন্তুক নিৰ্বাচনত অসমৰ ৰাইজক বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনায় আছুৰ প্ৰতিবাদী কৰ্মকৰ্তাসকলে ৷ তদুপৰি ৰাজ্যত এখন জাতীয়তাবাদী চৰকাৰ গঠন কৰিবলৈ ৰাইজক আহ্বান জনোৱা দেখা যায় ছাত্ৰ সংগঠনটোক ।
লগতে পঢ়কঃ শিৱসাগৰত উপস্থিত বিজেপি নেত্ৰী স্মৃতি ইৰাণী