ETV Bharat / state

AASAA hold protest: চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আছাৰ ধৰ্ণা - Chariduar

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি প্ৰতিবাদকাৰীয়ে চক্ৰ বিষয়াক বদলিকৰণৰ দাবী তোলে (All Adivashi student association of Assam AASAA) ৷

all adivashi student association of assam
আছাৰ প্ৰতিবাদ
author img

By

Published : May 16, 2023, 8:30 PM IST

আছাৰ প্ৰতিবাদ

ৰঙাপৰা, 15 মে’: শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । দিনৰ ১২ বজাত শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু আদিবাসী ভূমি সুৰক্ষা ও উন্নয়ন সমিতিৰ সহযোগত আদিবাসী সকলৰ ভূমিৰ সমস্যাসমূহ সমাধানৰ লগতে সুৰক্ষা দিয়াৰ দাবীত এক ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (AASAA protest in Sonitpur) ।

প্ৰতিবাদীকাৰীসকলে বেনাৰ লৈ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ অসম চৰকাৰৰ ৰাজহ বিভাগ হায় হায়, আদিবাসী সকলক ভূমি সুৰক্ষা প্ৰদান কৰক, আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰক, আদিবাসী সকলৰ ভূমিৰ সমস্যা সমাধান কৰক, আছা জিন্দাবাদ, লাট মণ্ডলসকলে উৎকোচ লোৱা বন্ধ কৰক, অসম চৰকাৰ হায় হায়, আছা জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে (AASAA hold protest) ।

ৰাজ্যখনত বসবাস কৰি থকা আদিবাসী লোকসকলে ভূমি পট্টা লাভ কৰা, ভূমিবোৰ সঠিকভাৱে জোখ-মাখ কৰা আৰু মাটিৰ দাগ নম্বৰ সংশোধনী কৰাৰ নামত চৰম হাৰাশাস্তি ভোগ কৰি আহিছে । আদিবাসী লোকসকলে এই সমস্যা সমূহৰ পৰা আজিলৈকে পৰিত্ৰাণ লাভ কৰাৰ বিপৰীতে চৰম দুৰ্ভোগহে ভুগি আহিছে । চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত থকা লাট মণ্ডলসকলে উৎকোচ অবিহনে একো কাম-কাজ সম্পাদন নকৰা বুলি সংবাদ মাধ্যমৰ আগত গুৰুত্বৰ অভিযোগ উত্থাপন কৰে আছাৰ প্ৰচাৰ সম্পাদক কৃষ্ণ নায়কে ।

লগতে পঢ়ক : Assam Police VRS : অসম আৰক্ষীৰ সকলোৱে দিব লাগিব শাৰীৰিক সক্ষমতাৰ পৰীক্ষা, অনুত্তীৰ্ণক দিব স্বেচ্ছামূলক অৱসৰ

ইফালে এই ধৰণৰ সমস্যা সমূহ সমাধান কৰাৰ বাবে আছাই ৰাজহ চক্ৰ বিষয়া অদিতি গগৈক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিচতো সুফল লাভ নকৰাৰ আন এক অভিযোগ কৃষ্ণ নায়কে উত্থাপন কৰে । সেয়েহে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত দৃষ্টি নিক্ষেপ কৰিবলৈ আছাই আহ্বান জনোৱাৰ লগতে লাট মণ্ডলসকলৰ ওপৰত বিহিত ব্যৱস্থা আৰু চক্ৰ বিষয়া গৰাকীক অতি শীঘ্ৰে বদলিকৰণ কৰিবলৈ দাবী জনাইছে (All Adivashi student association of Assam) ।

ইপিনে আজিৰ ধৰ্ণা কাৰ্যসূচীত আছাৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বেঞ্জামিন হাচাপুৰ্তী, প্ৰচাৰ সম্পাদক কৃষ্ণ নায়ক, সাংগঠনিক সম্পাদক চালিম তপ্ন, সহকাৰী প্ৰচাৰ সম্পাদক নাথনিয়েল বাগ, সাংস্কৃতিক সম্পাদক ইছাক ওৰাঙকে ধৰি ৰঙাপৰা আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক, তেজপুৰ আঞ্চলিক সমিতিৰ সহকাৰী সম্পাদক, উত্তৰ নদুৱাৰ আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক আৰু আদিবাসী ভূমি সুৰক্ষা ও উন্নয়ন সমিতিৰ ঘোঁৰামাৰী আঞ্চলিক সমিতিৰ সভাপতিগৰাকীও উপস্থিত থাকে ।

লগতে পঢ়ক : Congress promises in Karnataka : গাঁৱৰ ৰাইজে নিদিয়ে বিদ্যুতৰ বিল, কাৰণ কংগ্ৰেছে দিছে প্ৰতিশ্ৰুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.