ETV Bharat / state

মাতৃ দিৱস বিশেষ : কোৱাৰেন্টাইন কেন্দ্ৰত কৰ্তব্যৰত মহিলাৰ মনৰ খবৰ ! - মহামাৰী কৰ'ণা

মহামাৰী কৰ'ণাৰ বিৰুদ্ধে চলি থকা মহাযুদ্ধত সমুখৰ পৰা যুঁজ দিছে এইসকল মাতৃয়ে ৷ নিজৰ পৰিয়াল সন্তান সকলোৰে পৰা দূৰৈত থাকি নিজৰ ন্যষ্ট দায়িত্ব পালন কৰিছে তেওঁলোকে ৷ মাতৃ দিৱসৰ দিনটোত কোৱাৰেন্টাইন চেন্টাৰত কৰ্তব্যৰত মাতৃসকলৰ মনৰ খবৰ লওঁ আহক ৷

a tribute to mother from etv bharat
a tribute to mother from etv bharat
author img

By

Published : May 10, 2020, 9:41 AM IST

তেজপুৰ,১০ মে' : আজি বিশ্ব মাতৃ দিৱস । 'মা' এটি সৰু অথচ গাম্ভীৰ্যতাৰে ভৰা শব্দ ৷ যাৰ বাবে আমি এই পৃথিৱীৰ বুকুত স্থিতি লাভ কৰিছোঁ তেৱেঁই হ'ল মা ৷ এই বিশেষ দিনটোতো দেখা গৈছে নিজৰ দায়িত্ব-কৰ্তব্য আৰু জনসেৱাৰ উদ্দেশ্য নিজ নিজ কামৰ বাবে ওলাই আহিছে এই মাতৃসকল । তেজপুৰ বিশ্ববিদ্যালয় প্ৰাংগণত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত কৰ্মৰত মহিলা চিকিৎসক, নাৰ্চ ,মহিলা আৰক্ষী , চাফাই কৰ্মচাৰী, সুৰক্ষা কৰ্মীৰ দায়িত্বত থকা মহিলা কৰ্মচাৰী সকলৰ মনৰ খবৰ ল'বলৈ ইটিভি ভাৰত উপস্থিত হৈছিল সেই স্থানত ৷

সমগ্র বিশ্ব এতিয়া মহামাৰী কৰ'ণাক লৈ ত্ৰস্তমান ৷ তাৰ মাজতে প্ৰশাসন স্বাস্থ্য বিভাগ সাজু এই মহামাৰী কৰ'ণা প্ৰতিষেধ বাবে ৷ বিশেষকৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ কেইবাটাও কক্ষত শোণিতপুৰ জিলা প্ৰশাসনে বহিঃ ৰাজ্যৰ পৰা উত্তৰ অসমৰ পাঁচ খন জিলালৈ আহিব লগীয়া লোকসকলৰ বাবে জ'নেল কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰি কাম কাজ চলাই গৈছে । এই কেন্দ্ৰত কৰ্মৰত হৈ আছে বহু কেইগৰাকী মহিলা তথা মাতৃ ৷ সংকটৰ সময়ত নিজৰ পৰিয়ালৰ পৰা আঁতৰি থকাৰ এটা দুখ বুকুত কঢ়িয়াই ফুৰিলেও, কৰ্তব্যৰ খাতিৰত কিন্তু দিবা-নিশি একাকাৰ কৰিছে এইসকল মহিলাই ৷

মাতৃ দিৱস বিশেষ : কোৱাৰেন্টাইন কেন্দ্ৰত কৰ্তব্যৰত মহিলাৰ মনৰ খবৰ !

কোৱাৰেন্টাইন কেন্দ্ৰটোত চিকিৎসাকৰ্মী, আৰক্ষী, সুৰক্ষাকৰ্মী হিচাপে নিয়োজিত মহিলা সকলে সকলোকে মাতৃ দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে সাৱধানে থকাৰ আহ্বান জনায় ৷ তেওঁলোকে কয় যে, যি পৰিস্থিতিৰ উদ্ভৱ হৈছে সেয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক ৷ তথাপিও সকলো কুশলে থাকক, যেনেকৈ আহ্বান জনোৱা হৈছে সকলোৱে নিয়মবোৰ মানি চলক ৷ মাতৃ দিৱসৰ শুভক্ষণত এইসকল মাতৃৰ লগতে ৰাজ্য, দেশ তথা বিশ্বৰ প্ৰতিটো প্ৰান্তত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থকা প্ৰতিগৰাকী মাতৃলৈ ই টি ভি ভাৰতৰ তৰফৰ পৰা শুভ কামনা জনালো ৷

এই সময়ত অসমত মুঠ 62 জন লোক এই মহামাৰীত আক্ৰান্ত হৈছে । শোণিতপুৰ জিলালৈ মুঠ 15000, হাজাৰ লোক আহিব লগীয়া আছে, এই সকলৰ বাবে পাঁচজন চিকিৎসকৰ লগতে প্ৰতিটো বিভাগৰ লোকৰ জৰিয়তে সম্পূৰ্ণৰূপে পৰীক্ষা কৰি 14 দিনৰ বাবে আছুতীয়া কৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰোপৰি তেজপুৰ পল' ফিল্ড আৰু তেজপুৰৰ 22 খন হোটেলতো এই লোক সকলক ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । আৰক্ষী বিষয়া সকলক কঠোৰ নিৰ্দেশনা দিয়া হৈছে যাতে কোনো লোকে উক্ত ঠাইৰ পৰা 14 দিন সমাপ্তি নকৰাকৈ গুচি যাব নোৱাৰে ।
লগতে পঢ়ক : কোন দিশে ব্যক্তিগতখণ্ডৰ কৰ্মচাৰীৰ ভৱিষ্যৎ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.