তেজপুৰ, 9 জুন: শোণিতপুৰ জিলাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে এটা ডকাইতৰ দল আৰু তিনিটাকৈ চোৰক চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
যোৱা ২৫ মে’ত তেজপুৰ চহৰৰ মাজমজিয়াত ব্যৱসায়ী নকুল পালৰ গৃহত সংঘটিত হৈছিল এক ডকাইতি কাণ্ড ৷ গৃহত থকা বৃদ্ধাগৰাকীৰ মুখত কাপোৰ বান্ধি সকলো সোণ আৰু হীৰাৰ অলংকাৰ লুট কৰি নিছিল ডকাইতৰ দলে ৷ শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই ডকাইতৰ দলটোৰ আজিম উদ্দিন, জাকিৰ হুছেইন আৰু আমিৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে ৷ বৰ্তমানেও এই ঘটনাত জড়িত এজন অভিযুক্ত পলাতক হৈ আছে ৷ ডকাইত কেইটাৰ পৰা আৰক্ষীয়ে সোণ-ৰূপৰ আ-অলংকাৰো উদ্ধাৰ কৰাৰ লগতে মোবাইল ফোন আৰু নগদ ধন জব্দ কৰিছে ৷
ইফালে বৰঘাট আৰক্ষীয়ে আমোলাপামৰ ৰাজেশ্বৰ প্ৰসাদ কৈৰীৰ ঘৰত চুৰি কাৰ্য কৰা আন তিনিটা চোৰক নগদ ধন আৰু চুৰি কৰা সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ নিৰাজুল ইছলাম, আমিৰ আলি ওৰফে লাডেন আৰু দিলদাৰ হুছেইন নামৰ চোৰ কেইটাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷
ইফালে বেবেজীয়া, বিহগুৰি আৰু কছাৰীগাঁও থানাই যুটীয়া অভিযান চলাই গাভৰুৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে ৷ জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ৩৫ হাজাৰ হ’ব বুলি অনুমান কৰা হৈছে ৷ এই ঘটনাত জড়িত ধ্ৰৱ নাথৰ লগতে চতিয়া থানাৰ অন্তৰ্গত কুসুমতোলাৰ ধৰ্মেশ্বৰ নায়ক নামৰ লোকজনৰ পৰা আৰক্ষীয়ে ১০ কিঃগ্ৰাঃ গাঞ্জা জব্দ কৰিছে ৷ তদুপৰি গাঞ্জা ব্যৱসায়ী দুয়োজনকে এনডিপিচি আইন ১৯৮৫ৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে ৷ শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চফিকুল হুছেইনে বুধবাৰে সংবাদমেল যোগে সদৰি কৰে এই কথা ৷
লগতে পঢ়ক: তাৰাবাৰীত ড্ৰাগছসহ সৰবৰাহকাৰী কৰায়ত্ত