ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ৰ ৭ গৰাকী ছাত্র-ছাত্ৰী ক'ভিড-১৯ত আক্ৰান্ত - covid updates of assam

তেজপুৰ বিশ্ববিদ্যালয়ৰ 7 গৰাকী ছাত্ৰৰ দেহত পোৱা গৈছে কভিড-১৯ ৰ অৱস্থিতি । ৰাজ্য চৰকাৰৰ নতুন SOP য়ে শিথিলতা অনাৰ পাচতে খোলা হৈছিল বিশ্ববিদ্যালয়ৰ শ্ৰেণী কোঠাৰ লগতে হোষ্টেল সমূহ ।

Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ৰ ৭ গৰাকী ছাত্র-ছাত্ৰী ক'ভিড-১৯ত আক্ৰান্ত
author img

By

Published : Sep 28, 2021, 10:34 PM IST

তেজপুৰ, 28 ছেপ্টেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ কাঞ্চনজঙ্ঘা ছাত্ৰ নিবাসৰ 7 গৰাকী ছাত্ৰৰ দেহত পোৱা গৈছে কভিড-১৯ ৰ অৱস্থিতি । ৰাজ্য চৰকাৰৰ নতুন SOP য়ে শিথিলতা অনাৰ পাচতে খোলা হৈছিল বিশ্ববিদ্যালয়ৰ শ্ৰেণী কোঠাৰ লগতে হোষ্টেল সমূহ ।

অসুস্থ হৈ থকা কেইবাগৰাকী ছাত্ৰক যোৱা ২৬ ছেপ্টেম্বৰত ডেকাৰগাঁও কভিড কেয়াৰ চেন্টাৰত ক'ভিড পৰীক্ষা কৰাত তিনি গৰাকীৰ শৰীৰত ক'ভিডৰ অৱস্থিতি পোৱা যায় ৷ আনহাতে শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে উষা হোষ্টেলৰ ১৫০ গৰাকীক ক'ভিড পৰীক্ষা কৰাত পুনৰ চাৰি গৰাকীৰ শৰীৰত ক'ভিডৰ অৱস্থিতি ধৰা পৰে ৷

লগতে পঢ়ক: 19 অক্টোবৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

ইতিমধ্যে জিলা স্বাস্থ্য বিভাগে বিশ্ববিদ্যালয়খনিৰ ক'ভিডত আক্ৰান্ত ফুড ইঞ্জিনিয়াৰিঙৰ সপ্তম চেমিষ্টাৰৰ এজন আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ ছয় গৰাকী ছাত্ৰক ক'ভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰিছে । জানিব পৰা মতে আক্ৰান্ত ছাত্ৰ সকলৰ এজন বিহাৰৰ আৰু বাকী ছয় গৰাকী যোৰহাট আৰু গুৱাহাটীৰ ।

আনহাতে শোণিতপুৰ জিলাত যোৱা ২৪ ঘণ্টাত ৫১ গৰাকী লোক নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক: ছিপাঝাৰৰ গৰুখুটিৰ কৃষি প্ৰকল্প পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.