তেজপুৰ,৩০ জুলাইঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত কৰ'ণাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু । বৃহস্পতিবাৰে পুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বপন চাহা নামৰ এগৰাকী 45 বছৰীয়া ক'ভিড আক্ৰান্তৰ মৃত্যু ঘটে । ইয়াকে লৈ তেজপুৰত দুজন ক'ভিড -19 ৰোগীৰ মৃত্যু হৈছে বৰ্তমানলৈকে। আনহাতে শোণিতপুৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 1088 জন । গুৰুতৰ মধুমেহ ৰোগত আক্ৰান্ত স্বপনে জ্বৰত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসকৰ পৰামৰ্শ অবিহনে ফাৰ্মাচীৰ পৰা নিজে ঔষধ সেৱন কৰি আছিল। 28 জুলাইত স্বাস্থ্যৰ অৱনতি ঘটাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল স্বপন চাহাক আৰু তাৰ পিছতে তেওঁৰ শৰীৰত ক'ভিড পজিটিভ নিশ্চিত হৈছিল । আই চি ইউত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে পুৱা মৃত্যু হয় স্বপন চাহা নামৰ ব্যক্তি গৰাকীৰ ৷ মৃত স্বপন চাহাৰ ঘৰ দৰং জিলাৰ খাৰুপেটীয়াত ।
ইফালে বুধবাৰে নিশা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মমী হাজৰিকা নামৰ এগৰাকী 45 বছৰীয়া মহিলাৰ মৃত্যু হয়। জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা মমীৰ ঘৰ বিশ্বনাথ জিলাৰ চতিয়াত।
লগতে পঢ়কঃ47 বছৰীয়া হ'ল বাস্তৱ জীৱনৰ নায়ক চনু চুড