ETV Bharat / state

Manipur Violence : মণিপুৰত ৬ দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ, বিধানসভা অধিবেশন অনুষ্ঠিত নকৰাত কংগ্ৰেছৰ ক্ষোভ - violence hits Manipur

ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগেই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী গৈ জুই নিয়ন্ত্ৰণ কৰে । আনহাতে, অগ্নিসংযোগৰ সৈতে জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি প্ৰশাসনে জানিবলৈ দিয়ে ।

Manipur Violence
Manipur Violence
author img

By

Published : Aug 22, 2023, 3:26 PM IST

তেজপুৰ, ২২ আগষ্ট : মণিপুৰত হিংসা নিয়ন্ত্ৰণৰ যেন নামেই নোলোৱা হৈছে । অশান্তজৰ্জৰ ৰাজ্যখনত সামগ্ৰিকভাৱে যদিও হিংসাত্মক কাৰ্যকলাপ শাম কাটিছে, একে সময়তে পাহাৰীয়া অঞ্চলত এই ঘটনাৰ পুনৰাবৃত্তি ঘটিছে । ২০ আৰু ২১ আগষ্টৰ মাজনিশা ইম্ফল পশ্চিম জিলাৰ লেংগোলত থকা চাৰিটা পৰিত্যক্ত ঘৰ পুনৰ জ্বলাই দিয়ে দুষ্কৃতিকাৰীয়ে । ইয়াৰ ভিতৰত এটা হৈছে জুপুৰী আৰু আন এটা কমিউনিটী হল । অচিনাক্ত দুষ্কৃতিকাৰীয়ে এই ঘৰ দুটাত অগ্নিসংযোগ কৰে বুলি মণিপুৰ আৰক্ষীয়ে জানিবলৈ দিছে ।

আনহাতে, ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগেই জিলা আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে গৈ ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে । অগ্নিসংযোগৰ সৈতে জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে । ইফালে মণিপুৰ আৰক্ষীয়ে নিৰাপত্তা বাহিনীৰ সৈতে অভিযান চলাই বিগত দুটা নিশাত ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, কাকচিং, চুৰাচান্দপুৰ, টেঙনৌপাল, কাংপোকপি আৰু বিষ্ণুপুৰ জিলাৰ দুৰ্গম আৰু স্পৰ্শকাতৰ অঞ্চল ইম্ফল পূবৰ পৰা ৭ টা অস্ত্ৰ আৰু ৮১ ৰাউণ্ড গুলী উদ্ধাৰ কৰে ।

কাংপকপি আৰু টেংগনৌপাল জিলাৰ লগতে মণিপুৰৰ বিভিন্ন জিলাত, পাহাৰ আৰু উপত্যকা উভয়তে মুঠ ১২৯ টা নাকা/তালাচী চকী স্থাপন কৰে আৰু ৰাজ্যখনৰ বিভিন্ন জিলাত আইন উলংঘাৰ সৈতে জড়িত ১৩৬৯ জন ব্যক্তিক আৰক্ষীয়ে আটক কৰে । আনহাতে, মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সোমবাৰে সন্ধিয়া এক সংবাদমেলযোগে অভিযোগ উত্থাপিত কৰে যে বৰ্তমানৰ ৰাজ্য চৰকাৰে মণিপুৰৰ বিধানসভাৰ অধিবেশন আহ্বান কৰিবলৈ অস্বীকাৰ কৰাটোৱে গণতন্ত্ৰক উপহাস কৰিছে । ই হৈছে মণিপুৰত সাংবিধানিক ব্যৱস্থাৰ পতনৰ আন এক প্ৰমাণ ।

সংবাদমেলত মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি কেইশম মেঘাচন্দ্ৰই কয় যে মণিপুৰত সাংবিধানিক ব্যৱস্থা ভাঙি পৰাৰ এয়া আন এক প্ৰমাণ । উল্লেখ্য যে কংগ্ৰেছ দলৰ তৰফৰ পৰা ৰাজ্যপালৰ জৰিয়তে বিধানসভাৰ অধিবেশন অনুষ্ঠিত কৰিবলৈ বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো সোমবাৰে নিৰ্ধাৰিত বিধানসভাৰ অধিবেশন অনুষ্ঠিত কৰিব নোৱাৰিলে শাসনাধিস্থিত এন বীৰেন সিঙৰ বিজেপি চৰকাৰে । এক সংবাদমেলত তেওঁ কয় যে কংগ্ৰেছৰ বিধায়ক লোকেশ্বৰে কংগ্ৰেছ দলৰ হৈ ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰক অনুৰোধ জনাইছিল ।

লগতে তেওঁ কয় যে বিগত ৩ মে’ৰ পৰা ৰাজ্যখনত সংঘটিত হিংসাত্মক পৰিস্থিতি বন্ধ কৰাৰ সিদ্ধান্ত ল’বলৈ অতি সোনকালে বিধানসভাৰ এক বিশেষ অধিবেশনৰ আহ্বান কৰাৰ দাবী জনাইছিল । কিন্তু সেয়া সম্ভৱ হৈ নুঠিল বুলি তেওঁ সংবাদমেলত কয় ।

লগতে পঢ়ক :Relief to Manipur: গোষ্ঠী সংঘৰ্ষত বিধ্বস্ত মণিপুৰলৈ সহায়ৰ হাত উত্তৰ আমেৰিকা মণিপুৰী সন্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.