তেজপুৰ, 6 জুনঃ শনিবাৰে শোণিতপুৰ জিলাত পুনৰ পাঁচ জনৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । আক্ৰান্ত হোৱা আটাইকেইগৰাকী লোক বহিঃ ৰাজ্যৰ পৰা ৰে'লযোগে আহি তেজপুৰৰ বিভিন্ন হোটেলট কোৱাৰেণ্টাইন হৈ আছিল ।
নতুনকৈ আক্ৰান্ত হোৱা লোককেইজন মিছামাৰী থানাৰ অন্তৰ্গত বঙালী গাৱঁৰ অমৃত তাঁতী(26),খকাজুলিৰ ওমান আলি (43), কলাকুছিৰ কাজিমুদ্দিন (42), চাৰিদুৱাৰ থানাৰ অন্তৰ্গত ওঠৰ মাইলৰ ৰিমা দেৱী(35) আৰু ৰঙাপৰা থানাৰ অন্তৰ্গত ২নং চামুখীয়াৰ ভাইজান ওৰাং (21) বুলি জানিব পৰা গৈছে ।
তেজপুৰৰ হোটেল অম্বৰ,হোটেল ফ্ৰেণ্ডচ আৰু হোটেল পালাজুত কোৱাৰেণ্টাইন হৈ আছিল লোক কেইগৰাকী । ইতিমধ্যে আটাইকেইগৰাকীকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
উল্লেখ্য যে,বৰ্তমানলৈ শোণিতপুৰ জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 32 লৈ বৃদ্ধি পাইছে ।
লগতে পঢ়কঃ বিটিচিত প্ৰতিটো বিভাগতে সংঘটিত হৈছে দুৰ্নীতিঃ প্ৰমোদ বড়ো