তেজপুৰ, ২৬ নৱেম্বৰ : অসম চৰকাৰে ৰাজ্যৰ সুৰক্ষা ব্যৱস্থা অধিক উন্নত কৰাৰ উদ্দেশ্যে বিশেষ ভূমিকা গ্ৰহণ কৰিছে । ৰাজ্যত প্ৰায় ৩০০ৰো অধিক যুৱতীকে ধৰি প্ৰায় ২৭০০ গৰাকীক নতুন নিযুক্তিৰ লগতে ৫ টা নতুন কামাণ্ডো বেটেলিয়ন গঠন কৰি ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে পদক্ষেপ হাতত লৈছে (5 new commando battalions formed in Assam)। এই যুৱক-যুৱতীসকলক ভাৰতীয় সেনাৰ দ্বাৰা বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে এই সমগ্র প্ৰক্ৰিয়া যোৱা ২১ নৱেম্বৰৰ পৰা যৌথভাৱে অসম আৰক্ষী আৰু ভাৰতীয় সেনাই আৰম্ভ কৰিছে ।
![Assam new Commando battalion](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-26nov-pix-armytrainingpolice-pranabkumardas-7203907_26112022092955_2611f_1669435195_857.jpg)
মনকৰিবলগীয়া যে ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়ে ৯০ দশকৰ পৰাই ৰাজ্যত শান্তি অনাৰ বাবে যৌথভাৱে কাম কৰি আহিছে । এই যৌথ অভিযানসমূহে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অতি বৃহৎ পৰিসৰলৈ স্বাভাৱিক অৱস্থা অনাত মুখ্য ভূমিকা পালন কৰিছে । এই বিষয়ে প্ৰতিৰক্ষা বিভাগৰ গুৱাহাটীৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে জনোৱা মতে জাতি গঠনৰ প্ৰচেষ্টা আৰু নিস্বাৰ্থ সেৱা অব্যাহত ৰাখি ভাৰতীয় সেনাই, অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে (Army has started special training)।
![Assam new Commando battalion](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-26nov-pix-armytrainingpolice-pranabkumardas-7203907_26112022092955_2611f_1669435195_1066.jpg)
তেওঁ কয় যে ভাৰতীয় সেনাৰ অধীনত ইতিমধ্যে ২১ নৱেম্বৰৰ পৰা অসম আৰু মেঘালয়ৰ ৭ টা স্থানত ৪০ সপ্তাহৰ প্ৰশিক্ষণ আৰম্ভ হৈছে (New commando battalions training)। ৪০ সপ্তাহৰ ভিতৰত এই প্ৰশিক্ষণ দুটা পৰ্যায়ত ক্ৰমে মৌলিক আৰু উন্নত প্ৰযুক্তিৰ পৰ্যায়ত অনুষ্ঠিত হ'ব । মৌলিক সামৰিক প্ৰশিক্ষণৰ কেন্দ্ৰবিন্দু হ'ব প্ৰশিক্ষাৰ্থীসকলক মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে শক্তিশালী কৰা ।
![Assam new Commando battalion](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-26nov-pix-armytrainingpolice-pranabkumardas-7203907_26112022092955_2611f_1669435195_1017.jpg)
অগ্ৰিম সামৰিক প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক কৌশলগত যুদ্ধ দক্ষতাৰ লগতে আইন-শৃংখলাৰ পৰিস্থিতি বজাই ৰখাৰ সৈতে জড়িত বিভিন্ন পুলিচিং দিশ শিকোৱা হ'ব । তেওঁ লগতে কয় যে এই যৌথ পদক্ষেপে কেৱল ৰাজ্যৰ নিৰাপত্তা স্থাপত্যৰ বাবে সামৰ্থ্য বিকাশত সহায় কৰাই নহয়, ই ৰাজ্য আৰু সশস্ত্ৰ বাহিনীৰ মাজত যৌথ অভিযান হাতত লোৱাৰ সহযোগিতা আৰু সামৰ্থ্য আৰু অধিক বৃদ্ধি কৰিব ।
লগতে পঢ়ক :Black Day of ULFA I : আলফা স্বাধীনৰ ক’লা দিৱসক লৈ শংকিত অসম আৰক্ষী