ETV Bharat / state

এন আৰ চিক লৈ শোণিতপুৰ-ধুবুৰী জিলাত প্ৰশাসনৰ বিশেষ তৎপৰতা

author img

By

Published : Aug 26, 2019, 6:09 PM IST

মাজত মাথো চাৰিটা দিন ৷ 31 আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খছৰা ৷ ৰাজ্যৰ জিলাই জিলাই সষ্টম হৈ উঠিছে আৰক্ষী আৰু জিলা প্ৰশাসন ৷ শোণিতপুৰ জিলাৰ উপায়ুক্তৰ মন্তব্য চূড়ান্ত তালিকাত নাম নাথাকিলে নিজকে বিদেশী গণ্য কৰাৰ প্ৰয়োজন নাই ৷

চূড়ান্ত তালিকাত নাম নাথাকিলে নিজকে বিদেশী গণ্য কৰাৰ প্ৰয়োজন নাই: উপায়ুক্ত শোণিতপুৰ

শোণিতপুৰ-ধুবুৰী, 26 আগষ্ট: বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত মাথো চাৰিটা দিন ৷ চৰকাৰৰ লগতে খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ এতিয়া সাজু হৈছে অসম আৰক্ষীৰ লগতে জিলা প্ৰশাসন ৷ ৰাজ্য দুই স্পৰ্শকাতৰ জিলা ধুবুৰী আৰু শোণিতপুৰৰ প্ৰশাসনে নাগৰিক পঞ্জীৰ চূড়ান্ত খছৰা প্ৰকাশক লৈ বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ৷ আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰাত কোনো ব্যক্তিৰ নাম প্ৰকাশ নাপালে তেওঁ নিজকে বিদেশী বুলি গণ্য কৰিব নালাগে বুলি সংবাদিকৰ আগত মন্তব্য কৰে উপায়ুক্ত নৰসিং পৱাৰে ৷ নাগৰিকক পুনৰ আবেদন কৰাৰ সুযোগ লাভ কৰিব বুলিও তেও জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ মুঠ ৯৮ টা NRC কেন্দ্ৰত দিনে নিশাই পূৰ্ণ গতিত চলি আছে নাগৰিক পঞ্জীৰ চূড়ান্ত খছৰা প্ৰকাশৰ কাম ৷

আনহাতে ধুবুৰী জিলাতো এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে আইন শৃংখলাকে ধৰি সকলো দিশতে এতিয়া চোকা দৃষ্টি ৰাখিছে জিলা প্ৰশাসনে ৷ সোমবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত অনন্তলাল জ্ঞানী আৰু জিলা আৰক্ষী অধীক্ষক যুৱৰাজ সিংৰ উপস্থিতিত উচ্চ পৰ্যায়ৰ বিষয়া সকলৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় য'ত সেনা আৰু চি আৰ পি এফ বিষয়াও উপস্থিত থাকে ৷ জিলাখনৰ মুঠ 136 টা এন আৰ চি কেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে শক্তিশালী কৰি তোলা হৈছে ৷ ভাৰত বাংলা সীমান্তৱৰ্তী জিলাখনত যাতে কেনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰবাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খছৰা : তৎপৰ ধুবুৰী জিলা প্ৰশাসন

ইফালে ছ'চিয়েল মিডিয়াতো চোকা দৃষ্টি ৰাখিছে দুয়োখন জিলাৰ আৰক্ষী-প্ৰশাসনে ৷ কোনো লোকে ছ'চিয়েল মেডিয়া যোগে কোনো ধৰণৰ সাম্প্ৰদায়িক তথা প্ৰৰোচনা মন্তব্য কৰিলে তেনে লোকৰ ওপৰত আইনী ব্যৱস্থা ল'ব জিলা প্ৰশাসনে ৷ অহা ৩১ আগষ্টৰ পুৱাৰ ভাগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে ৷

Intro:তেজপুৰ,২৬আগষ্ট: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত খচৰা ত কোনো ব্যক্তি ৰ নাম প্ৰকাশ নাপালে তেওঁ নিজকে বিদেশী বুলি গণ্য কৰিব নালাগে ।এই মন্তব্য শোণিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পৱাৰৰ । তেওঁ কয় যে পুনৰ তেঁও আবেদন কৰাৰ সুযোগ লাভ কৰিব ।

Body:ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰ জিলাতো পূৰ্ণ গতিত দিনে নিশাই চলিছে জিলাখনৰ মুঠ ৯৮ টা NRC কেন্দ্ৰত । অহা ৩১ আগষ্টত প্ৰকাশ পাব নাগৰিক পঞ্জীৰ চুড়ান্ত খচৰা । যদিহে ভাৰতীয় নাগৰিক ৰ নাম খচৰাত অন্তৰ্ভুক্ত নহয় তেওঁ পুনৰ শোণিতপুৰ জিলাৰ ২১ টাকৈ অভিযোগ কেন্দ্ৰত তেওঁৰ তথ্য সহ আবেদন জনাব পাৰিব । বৰ্তমানলৈকে সকলো শান্তিপূৰ্ণ ভাবেই কাম কাজ অব্যাহত আছে । খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হব পৰা আইন শৃংখলা পৰিস্থিতি সাপেক্ষে মুকাবিলা কৰিবলৈ সশস্ত্ৰ সীমা বল আৰু অৰ্ধ সামৰিক বাহিনীৰ বহু কেইটা অতিৰিক্ত কোম্পানীৰ ইতিমধ্যে সাজু কৰি ৰখা হৈছে ।
Bite: DC sonitpur, Narsing Powar ,

Conclusion:উল্লেখযোগ্য যে ছোচিএল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে । কোনো প্ৰৰোচিত মূলক বিষয় ছোচিএল মিডিয়াত প্ৰকাশ কৰিলে আইনী ব্যৱস্থা তেনে লোকৰ ওপৰত শীঘ্ৰেই লব জিলা প্ৰশাসনে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২৬/৮/১৯

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.