তেজপুৰ, 17 জানুৱাৰীঃ বৃহস্পতিবাৰে তেজুপৰস্থিত দেবেন্দ্ৰ নগৰৰ মুখ্য কাৰ্যালয়ত সশস্ত্ৰ সীমা বাহিনীৰ 68 বেটেলিয়ানৰ তৃতীয় প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সীমা বাহিনীৰ মহাপৰিদৰ্শক পি.কে গুপ্তা ৷ এই অনুষ্ঠানত উপস্থিত থাকি মহাপৰিদৰ্শক গৰাকীয়ে সুৰক্ষা সম্বন্ধীয় ভিন্ন ক্ষেত্ৰত সীমা সুৰক্ষা বাহিনীয়ে লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে ৷ লগতে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ দৰে উত্তৰপূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত অতন্দ্ৰ প্ৰহৰী ৰূপে নিজ সেৱা আগবঢ়াই অহাৰ কথা উল্লেখ কৰে ৷
লগতে পঢ়কঃ অনুচ্ছেদ 370 প্ৰত্যাহাৰ ঐতিহাসিকঃ স্থলসেনা প্ৰধান জেন. নাৰাভানে