ETV Bharat / state

De voters transfer: তেজপুৰ কাৰাগাৰৰ পৰা মাটিয়া ডিটেনশ্যন কেম্পলৈ স্থানান্তৰ বিদেশী ঘোষিত কাৰাবন্দী

author img

By

Published : Mar 15, 2023, 9:35 PM IST

তেজপুৰ জিলা কাৰাগাৰৰ পৰা গোৱালপাৰাস্থিত শৰণাৰ্থী শিবিৰলৈ 29 গৰাকী ডি ভোটাৰক স্থানান্তৰ (29 D voters transfer to Matia detention camp) ৷

29 D voters transfer to Matia detention camp
তেজপুৰ কাৰাগাৰৰ পৰা মাটিয়া ডিটেনশ্যন কেম্পলৈ স্থানান্তৰ বিদেশী ঘোষিত কাৰাবন্দী

তেজপুৰ, ১৫ মাৰ্চ : ৰাজ্যত জিলাই জিলাই খালী কৰা হৈছে শৰণাৰ্থী শিবিৰসমূহ ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰ জিলা কাৰাগাৰত (Tezpur district jail) কাৰাৰুদ্ধ হৈ থকা ডি ভোটাৰসকলক গোৱালপাৰাস্থিত শৰণাৰ্থী শিবিৰলৈ (Matia detention camp) স্থানান্তৰ কৰা হৈছে ৷

বুধবাৰে তেজপুৰ কাৰাগাৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি তেজপুৰৰ লগতে অসমৰ ছয়খন জিলা কাৰাগাৰত থকা ডি ভোটাৰসকলক গোৱালপাৰা জিলাৰ মাটিয়াত নৱ নিৰ্মিত শৰণাৰ্থী শিবিৰলৈ স্থানান্তৰ কৰা হৈছে ৷ যোৱা দুদিনৰ পূৰ্বে এই পৰ্যন্ত মুঠ ২৯ গৰাকী ডি ভোটাৰক তেজপুৰ কাৰাগাৰৰ পৰা গোৱালপাৰাস্থিত শৰণাৰ্থী শিবিৰলৈ স্থানান্তৰ কৰা হৈছে (29 D voters transfer to Matia detention camp)।

ইয়াৰে ম্যানমাৰৰ ৯ গৰাকী শৰণাৰ্থীৰ ৩ গৰাকী পুৰুষ আৰু ৬ গৰাকী মহিলা আৰু এওঁলোক ৰোহিংগীয়া ৷ আনহাতে বাংলাদেশী ৮ গৰাকীৰ ভিতৰত ৭ জন পুৰুষ ১ গৰাকী মহিলাৰ লগতে মুঠ ১২ গৰাকী বিদেশী ন্যাধিকৰণৰ দ্বাৰা চিনাক্ত কৰা লোক । এতিয়ালৈ অসমৰ তেজপুৰ, গোৱালপাৰা, কোকৰাঝাৰ, যোৰহাট, শিলচৰ আৰু ডিব্ৰুগড়ৰ পৰা মাটিয়াৰ শৰণাৰ্থী শিবিৰলৈ ভালেকেইজন লোকক স্থানান্তৰ কৰা হৈছে ।

উল্লেখ্য যে, ৰাজ্যত অবৈধভাৱে প্ৰৱেশ কৰা বিদেশী নাগৰিকসকলক ৰাখিবৰ বাবে গোৱালপাৰৰ মাটিয়াত এছিয়া মহাদেশৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনশ্যন কেম্প নিৰ্মাণ কৰা হৈছে ৷ প্ৰায় ৪ হেক্টৰ ভূমিত ৪৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এই ডিটেনশ্যন কেম্পটো ৷ এই নৱ নিৰ্মিত কেম্পটোত মুঠ ৩০০০ লোক থাকিব পাৰে আৰু ৪০০ গৰাকী মহিলা থকাৰ ব্যৱস্থা কৰা হৈছে ৷ ১৫ নং অট্টালিকাত মহিলাৰ বাবে দুটা আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা হৈছে ৷ প্ৰতিটো কক্ষত ২০০ গৰাকী লোক থাকিব পাৰে । এই কেম্পৰ নিৰ্মাণ ২০১৮ চনত আৰম্ভ কৰা হৈছিল মুঠ ৪৬ কোটি টকাৰ ব্যয়ৰে ৷

স্মৰ্তব্য যে, আনহাতে তেজপুৰ জিলা কাৰাগাৰত বৰ্তমান ৪২৮ গৰাকী কাৰাবন্দী আছে ৷ তেজপুৰ কৰাগাৰত মুঠ ৮৩৭ জন কাৰাবন্দী থকাৰ সুবিধা আছে । ইয়াৰ পূৰ্বে তেজপুৰ কাৰাগাৰত থকা বাংলাদেশী আৰু ম্যানমাৰৰ অনুপ্ৰৱেশৰ কেইবাজনো লোকক প্ৰত্যাৰ্পণ কৰা হৈছিল ।

লগতে পঢ়ক: New liquor policy: বিজেপিৰ শাসনত ৰাজ্যত বৃদ্ধি সুৰাৰ দোকান তথা বাৰৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.