ETV Bharat / state

তেজপুৰত লক ডাউনৰ প্ৰভাৱঃ স্তব্ধ জনজীৱন - জিলা দণ্ডাধীশ মানবেন্দ্ৰ প্ৰতাপ সিঙ

শোণিতপুৰত ৭ শনিবাৰে সন্ধিয়াৰ পৰা পুৱা ৭ বজালৈ সম্পূৰ্ণ লক ডাউন ঘোষণা জিলা প্ৰশাসনৰ ৷ শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব জিলাখনৰ পৌৰসভাৰ অন্তৰ্গত এলেকা ৷

তেজপুৰত লক ডাউনৰ প্ৰভাৱঃ স্তব্ধ জনজীৱন
তেজপুৰত লক ডাউনৰ প্ৰভাৱঃ স্তব্ধ জনজীৱন
author img

By

Published : Jun 27, 2020, 1:17 PM IST

তেজপুৰ, ২৭ জুন: ৰাজ্যত কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণক লৈ সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ প্ৰৰিপ্ৰেক্ষিতত আৰু ৰাজ্য চৰকাৰৰ পৰা পোৱা নিৰ্দেশাৱলীৰ ওপৰত ভিত্তি কৰি আৰু এই ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশ মানবেন্দ্ৰ প্ৰতাপ সিঙে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি ১৪৪ ধাৰাৰ অধীনত জিলাখনত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজা লৈকে সমগ্ৰ জিলাতে পূৰ্ণ লক ডাউন ঘোষণা কৰিছে আৰু লক ডাউন পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ৷

তেজপুৰত লক ডাউনৰ প্ৰভাৱঃ স্তব্ধ জনজীৱন
ইয়াৰ উপৰিও, আন এক আদেশযোগে জিলা দণ্ডাধীশ গৰাকীয়ে শনিবাৰ আৰু দেওবাৰৰ দিনা জিলাখনৰ সকলো পৌৰসভা এলেকা ক্ৰমে তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ (তেজপুৰ পৌৰ সভা এলেকা সামৰি),ঢেকিয়াজুলি পৌৰ সভা,ৰঙাপাৰা পৌৰ সভা আৰু জামুগুৰীহাট পৌৰ সভাৰ অন্তৰ্গত এলেকা সমূহত পূৰ্ণ লক ডাউন ঘোষণা কৰিছে ৷ সেই অনুসৰি,২৭ জুন মাজনিশাৰ পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ লক ডাউন সোমবাৰ,২৯ জুন পুৱা ৭ বজালৈকে বাহাল থাকিব ৷ ঠিক সেইদৰে,পৰৱৰ্তী সকলো শনিবাৰ আৰু দেওবাৰ সামৰি আন ৪টা পৰ্যায়ত লক ডাউন ঘোষণা কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ৷ এই লক ডাউন প্ৰতি শুকুৰবাৰে সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হৈ পৰৱৰ্তী সোমবাৰ পুৱা ৭ বজালৈ বাহাল থাকিব ৷ সেই অনুসৰি, শোণিতপুৰ জিলাৰ পৌৰ সভা এলেকা সমূহত কাৰ্যকৰী হোৱাকৈ ঘোষণা কৰা দ্বিতীয় পৰ্যায়ৰ লকডাউন শুক্ৰবাৰ ৩ জুলাইৰ সন্ধিয়া ৭ বজাৰ পৰা সোমবাৰ ৬ জুলাইৰ পুৱা ৭ বজালৈ বাহাল থাকিব ৷ আনহাতে তৃতীয় পৰ্যায়ৰ লকডাউন শুকুৰবাৰ ১০ জুলাইৰ সন্ধিয়া ৭ বজাৰ পৰা সোমবাৰ ১৩ জুলাইৰ পুৱা ৭ বজালৈ বাহাল থাকিব ৷ ঠিক সেইদৰে,৪ৰ্থ পৰ্যায়ৰ লক ডাউন শুকুৰবাৰ ১৭ জুলাইৰ সন্ধিয়া ৭ বজাৰ পৰা সোমবাৰ ২০ জুলাইৰ পুৱা ৭ বজালৈ বাহাল থাকিব ৷ আৰু ৫ম পৰ্যায়ৰ লক ডাউন শুকুৰবাৰ ২৪ জুলাইৰ সন্ধিয়া ৭ বজাৰ পৰা সোমবাৰ ২৭ জুলাইৰ পুৱা ৭ বজালৈ বাহাল থাকিব ৷
27 JUNE SONITPUR TEZPUR LOCK DOWN SPECIAL REPORT ETV BHARAT
ফৌজদাৰী কাৰ্যবিধি ১৪৪ ধাৰা জাৰি
উক্ত লক ডাউনৰ সময়ছোৱাত ৰাইজৰ চলাচলত বাধা আৰোপ কৰাৰ লগতে ব্যক্তিগত যান-বাহন তথা যাত্ৰীবাহী যান-বাহনৰ চলাচলৰ ওপৰতো বাধা আৰোপ কৰা হৈছে; সকলো ধৰণৰ বানিজ্যিক প্ৰতিষ্ঠান,দোকান পোহাৰৰ লগতে সকলো ধৰণৰ বানিজ্যিক কাৰ্য যেনে গাখীৰ যোগান,গেলামাল দোকান,পাছলি বিক্ৰী কৰা দোকান,দৈনিক বজাৰ,সাপ্তাহিক বজাৰ,হাট ইত্যাদি বন্ধ থাকিব ৷ এই সময়ছোৱাত জিলাখনৰ উদ্যোগ সমূহৰ লগতে ৰাজহুৱা যাতায়ত সেৱা,আতিথ্য খণ্ডৰ লগত জড়িত সেৱা,সকলো শিক্ষানুষ্ঠান,গৱেষণাগাৰ,প্ৰশিক্ষণ কেন্দ্ৰ,কোচিং কেন্দ্ৰ সমুহ বন্ধ থাকিব ৷ সকলো ধৰ্মীয় উপাসনাৰ স্থলী বন্ধ থাকিব ৷ সকলো ধৰণৰ সামাজিক/ ৰাজনৈতিক/ ক্ৰীড়া/ আমোদ-প্ৰমোদ সম্বন্ধীয়/ শৈক্ষিক/ সাংস্কৃতিক/ ধৰ্মীয় অনুষ্ঠান তথা সমাৱেশ আদি নিষিদ্ধ কৰা হৈছে ৷ লক ডাউনৰ সময়ছোৱাত প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় তথা ৰাজ্যিক আৰক্ষী বাহিনী, জিলা উপায়ুক্ত কাৰ্যালয়ত নিয়োজিত লোক,আৰক্ষী আয়ুক্ত,দুৰ্যোগ প্ৰশমন, গৃহৰক্ষী বাহিনী,অসামৰিক প্ৰতিৰক্ষা,অগ্নিনিৰ্বাপক বাহিনীৰ লোকক ৰেহাই দিয়া হৈছে আৰু পানী,বিদ্যুৎ যোগান সেৱা অব্যাহত থাকিব ৷ সকলো হাস্পতাল, সকলো খুচুৰা আৰু পাইকাৰী ঔষধ বিক্ৰেতা প্ৰতিষ্ঠান খোলা থাকিব৷ চপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদকৰ্মীৰ লগতে বাতৰি কাকত বিতৰণৰ লগত জড়িত লোকক লক ডাউনৰ পৰা ৰেহাই দিয়া হৈছে ৷ দূৰসংযোগ,ইন্টাৰনেট সেৱা,সম্প্ৰসাৰণ আৰু কেবল টিভি,তথ্য প্ৰযুক্তি সম্বন্ধীয় সেৱাৰ মেৰামতি কাৰ্যৰ লগত জড়িত লোকক আগতীয়া অনুমতি-পত্ৰ সহ সেৱা আগবঢ়াবলৈ অনুমতি দিয়া হৈছে ৷ বিদ্যুৎ শক্তি উৎপাদন,পৰিবহন আৰু বিতৰণ,অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা যান-বাহন,স্বাস্থ্য,অগ্নিনিৰ্বাপন আৰু অনান্য অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত যান-বাহন চলাৰ অনুমতি থাকিব ৷ বিমান বা ৰে’লৰ টিকট থকা ব্যক্তিসকলক আন্ত:ৰাজ্যিক আৰু আন্ত:জিলা যাতায়তৰ অনুমতি দিয়া হৈছে ৷ যাত্ৰীবাহী তথা মালবাহী ৰে’লৰ কাৰ্যকৰীকৰণ লগত প্ৰতক্ষভাৱে জড়িত ভাৰতীয় ৰেলৰ সকলো কাৰ্যালয় খোলা থাকিব ৷ শেষকৃত্য বা শ্ৰাদ্ধ আদি অনুষ্ঠানত ২০ জনতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব ৷ ওপৰত উল্লেখিত সেৱা সমূহৰ বাহিৰে অন্য সকলো কাৰ্যকলাপ লক ডাউনৰ সময়ছোৱাত বন্ধ থাকিব ৷ এই নিৰ্দেশ তৎকালীন ভাৱে বলবৎ হোৱাকৈ আৰু পৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱালৈকে বাহাল থাকিব ৷

লগতে চাওকঃ লাডাখত ৪.৫ ৰিখটাৰ স্কেলত ভূমিকম্প

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.