ETV Bharat / state

বিধানসভা নিৰ্বাচন: শোণিতপুৰত বিশেষ নিৰ্দেশনা প্ৰশাসনৰ

নিৰ্বাচন শান্তিপূৰ্ণ তথা নিয়াৰিকৈ পৰিচালনাৰ লগতে ৰাজহুৱা শান্তি-শৃংখলা অটুত ৰখাৰ স্বাৰ্থত শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশ মানবেন্দ্ৰ প্ৰতাপ সিঙে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ জিলাখনত কিছু নিষেধাজ্ঞা জাৰি কৰে । ১ এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰৰ ঢেকীয়াজুলি আবকাৰী চক্ৰৰ অন্তৰ্গত এলেকা তথা ওদালগুৰি জিলাৰ সীমামূৰীয়া স্থানত ৩০ মাৰ্চৰ বিয়লি ৬ বজাৰ পৰা ১ এপ্ৰিলৰ বিয়লি ৬ বজালৈ ড্ৰাই ডে' ঘোষণা কৰিছে ।

author img

By

Published : Mar 25, 2021, 7:45 PM IST

বিধানসভা নিৰ্বাচন:শোণিতপুৰত বিশেষ নিৰ্দেশনা প্ৰশাসনৰ

তেজপুৰ,২৫ মাৰ্চ: শোণিতপুৰত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগা নিৰ্বাচন শান্তিপূৰ্ণ তথা নিয়াৰিকৈ পৰিচালনাৰ লগতে ৰাজহুৱা শান্তি-শৃংখলা অটুত ৰখাৰ স্বাৰ্থত শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশ মানবেন্দ্ৰ প্ৰতাপ সিঙে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ জিলাখনত কিছু নিষেধাজ্ঞা জাৰি কৰে ।

২৫ মাৰ্চ সন্ধিয়া ৬ বজাৰ পৰা ২৮ মাৰ্চৰ সন্ধিয়া ৬ বজালৈ বলৱৎ কৰা এই নিষেধাজ্ঞাৰ অধীনত ৰাজহুৱা স্থানত পাঁচজন বা ততোধিক লোকৰ সমাবেশ, নিৰ্বাচনী প্ৰচাৰৰ বাবে মাইকৰ ব্যৱহাৰ, নিৰ্বাচন সন্দৰ্ভত ৰেলী, সমদল-শোভাযাত্ৰা, সভা আদি অনুষ্ঠিত কৰাৰ লগতে যি কোনো ধৰণৰ উচ্চস্তৰৰ মাইক আদি নিশা ১০ বজাৰ পিছত বজোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ।

এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত সমাৱেশৰ বাহিৰে বজাৰ, খেলপথাৰ, চিনেমা গৃহৰ লগতে অন্যান্য স্থান যেনে শিক্ষানুষ্ঠান, ৰে’ল তথা বাছ আস্থান, বিবাহৰ স্থান আৰু ধৰ্মীয় অনুষ্ঠানৰ সমাৱেশৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব । এই নিষোধাজ্ঞা তৎকালীনভাৱে সমগ্ৰ জিলাখনতে বলৱৎ কৰাৰ লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ।

আনহাতে জিলা উপায়ুক্তই আবকাৰী বিভাগৰ তৰফৰ পৰা পোৱা এক নিৰ্দেশৰ ভিত্তিত জাৰি কৰা অন্য এক নিৰ্দেশ অনুসৰি ১ এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আবকাৰী চক্ৰৰ অন্তৰ্গত এলেকা তথা ওদালগুৰি জিলাৰ সীমামূৰীয়া স্থানত ৩০ মাৰ্চৰ বিয়লি ৬ বজাৰ পৰা ১ এপ্ৰিলৰ বিয়লি ৬ বজালৈ ড্ৰাই ডে' ঘোষণা কৰিছে ।

এই সময়ছোৱাত ঢেকীয়াজুলি আবকাৰী চক্ৰৰ এলেকাত থকা সকলো অনুজ্ঞাপত্ৰধাৰী সুৰাৰ বিপণী, পণ্যাগাৰ, বাৰ, ক্লাব, দেশীয় সুৰা, সুৰাৰ খুচুৰা তথা পাইকাৰী বিক্ৰেতা আদি বন্ধ থাকিব । এই সময়ছোৱাত কোনো ব্যক্তিয়ে সুৰাৰ ক্ৰয়-বিক্ৰয় আৰু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে । কোনো লোকে এই নিষেধাজ্ঞা অৱমাননা কৰিলে আবকাৰী আইনৰ সংশ্লিষ্ট ধাৰা অনুসৰি শাস্তি প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক: নগাঁৱত ড্ৰাই ডে ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.