ETV Bharat / state

Bishnu Prasad Rabha Birth Anniversary : তেজপুৰত নিৰ্মাণ কলাগুৰুৰ কলাক্ষেত্ৰ - Kalaguru's Birth Anniversary at Tezpur

আজি 31 জানুৱাৰী ৷ অৰ্থাৎ অসমীয়া সাংস্কৃতিক জগতত নতুন দিগন্তৰ সূচনা কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৩ সংখ্যক জন্মবাৰ্ষিকী(Bishnu prasad rabha's birth anniversary) ৷ ১৯০৯ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ ঢাকাৰ বেঙ্গল প্ৰেসিডেন্সীত জন্মগ্ৰহণ কৰিছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই ৷ তেজপুৰত কলাগুৰুৰ জন্মবাৰ্ষিকী উপলক্ষে জ্যেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন ৷

113th Birth Anniversary observe of Bishnu Prasad Rabha at Tezpur
তেজপুৰত নিৰ্মাণ কলাগুৰুৰ কলাক্ষেত্ৰ
author img

By

Published : Jan 31, 2022, 12:53 PM IST

তেজপুৰ,৩১ জানুৱাৰী : আজি 31 জানুৱাৰী ৷ আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৩ সংখ্যক জন্মবাৰ্ষিকী (Kalaguru's Birth Anniversary) ৷ ১৯০৯ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ ঢাকাৰ বেঙ্গল প্ৰেসিডেন্সীত জন্মগ্ৰহণ কৰিছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই ৷ তেওঁৰ পিতৃ-মাতৃ আছিল গোপাল চন্দ্ৰ ৰাভা আৰু গেথীবালা ৰাভা ৷

বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল । কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয় । আৰু তাতেই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । এই পৰীক্ষাত তেওঁ সেই সময়ৰ অবিভক্ত দৰং জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰাৰ বাবে তেওঁ ‘কুইন এমপ্ৰেছ’ পদক লাভ কৰে ।

অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা । কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধিৰে সন্মানিত কৰিছিল ।

আজি সেই মহান শিল্পীগৰাকীৰ আজি জন্মবাৰ্ষিকী উপলক্ষে তেওঁৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু শোণিতপুৰ জিলা প্ৰশাসনে সৈনিক তেজপুৰ কলিবাৰীত শিল্পী গৰাকীৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Bishnu Prasad Rabha's 113th Birth Anniversary ) ।

এই মহান শিল্পী গৰাকীৰ স্মৃতিত তেজপুৰত অসম চৰকাৰৰ তৰফৰ পৰা বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিষ্ণুপ্ৰসাদ ৰাভাৰ কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে তেওঁৰ জ্যেষ্ঠ পুত্ৰ তথা বিধায়ক পৃথ্বীৰাজ ৰাভাই(113th Birth Anniversary of Kalaguru) ।

ইতিমধ্যে তেজপুৰ চহৰৰ মাজমজিয়াত জয়মতী পথাৰৰ সমীপত কলাগুৰুৰ স্মৃতিত নিৰ্মান হ'বলগীয়া এই কলাক্ষেত্ৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টি ৰাজি আৰু বিভিন্ন ধৰণৰ সম্পদ সমূহ বিজ্ঞানসন্মত ভাবে স্থায়ী ভাবে ৰাখিবলৈ নিৰ্মাণ কৰিবলগীয়া গৃহ ডি পি আৰৰ প্ৰস্তুত কৰা হব বুলি জানিব দিয়ে পুত্ৰ পৃথ্বীৰাজ ৰাভাই । ইফালে মহান শিল্পীগৰাকীৰ এইবাৰ জন্ম জয়ন্তীত কোভিড বিধিৰ বাবে গ্ৰহণ কৰা নাই কোনো ধৰণৰ সংস্কৃতিক কাৰ্যসূচী ।

লগতে পঢ়ক : কহিনুৰৰ বাকৰিত মঞ্চৰত্ন ৰতন লহকৰৰ পঞ্চম মৃত্যু বাৰ্ষিকী পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.