ETV Bharat / state

আমগুৰিত শুভাৰম্ভ 'স্ব নিৰ্ভৰ নাৰী-আত্মনিৰ্ভৰ অসম' আঁচনি

author img

By

Published : Feb 18, 2021, 5:33 PM IST

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আমগুৰিত 'স্ব নিৰ্ভৰ নাৰী-আত্মনিৰ্ভৰ অসম' শীৰ্ষক আঁচনিৰ শুভাৰম্ভ কৰা হয় । আমগুৰি নাট্য মন্দিৰত আয়োজিত শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা ।

আমগুৰিত শুভাৰম্ভ 'স্ব নিৰ্ভৰ নাৰী-আত্মনিৰ্ভৰ অসম' আঁচনি
আমগুৰিত শুভাৰম্ভ 'স্ব নিৰ্ভৰ নাৰী-আত্মনিৰ্ভৰ অসম' আঁচনি

আমগুৰি, ১৮ ফেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ আমগুৰিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত 'স্ব নিৰ্ভৰ নাৰী-আত্মনিৰ্ভৰ অসম' শীৰ্ষক আঁচনিৰ শুভাৰম্ভ কৰা হয় । পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ উদ্যোগত আমগুৰি উন্নয়ন খণ্ডত শুভাৰম্ভ কৰা হয় এই আঁচনিৰ । বৃহস্পতিবাৰে আমগুৰি নাট্য মন্দিৰত আয়োজিত শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা ।

অঞ্চলটোৰ কেইবাশ মহিলা উপস্থিত থকা অনুষ্ঠানত আঁচনিখনৰ বিষয়ে বহলভাৱে আলোচনা কৰা হয় আৰু মহিলাসকলে আঁচনিখনৰ জৰিয়তে কেনেদৰে উপকৃত হ'ব সেই বিষয়েও অৱগত কৰে বিশিষ্ট ব্যক্তিসকলে । অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প প্ৰৱন্ধক ড° সুৰজিত গগৈ, আমগুৰি উন্নয়ন খণ্ডৰ বিষয়া টি.জে ৰবাৰ্ট, শিক্ষাবিদ ড° অনিল গগৈ, অভিযন্তা অপৰাজ ফুকন, শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউৎসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: মহাজোঁটত মহা অথন্তৰ: বিধায়ক আমিনুলক কাৰণ দৰ্শোৱাৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.