ETV Bharat / state

অশ্লীল প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই প্ৰাণে মৰাৰ চেষ্টা ন-বোৱাৰীকঃ আৰক্ষীৰ জালত তিনি সহোদৰ

author img

By

Published : Oct 2, 2019, 8:52 PM IST

স্বামী ঘৰত নথকাৰ সুযোগ লৈ বৰজনাক শৈলেন গগৈয়ে যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন কৰে যুৱতীগৰাকীয়ে ৷ তাৰোপৰি দেওৰেক তীৰ্থ গগৈয়েও শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে ৷

বোৱাৰী নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী তিনি ককাইভাই

নাজিৰা, ২ অক্টোবৰঃ বোৱাৰী নিৰ্যাতন ঘটনাৰ লগত জড়িত তিনি অভিযুক্তক আটক ৷ ডিমৌ ৰজাবাৰীৰ কৈবৰ্তদলনিৰ নিজ গৃহৰ পৰা নাজিৰা আৰক্ষীয়ে আটক কৰে তিনি অভিযুক্তক ৷

উল্লেখ্য যে, তিনিমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা এগৰাকী ন-বোৱাৰীক শাৰীৰিক অত্যাচাৰ চলাই এতিয়া ৰঙাঘৰৰ আলহী হ'ল তিনি ককাই-ভাই ৷ নাজিৰা বাউলীমৈদামৰ পৰা ডিমৌ ৰজাবাৰী কৈৱৰ্তদলনিলৈ বিয়া হৈছিল এগৰাকী যুৱতী । কিন্তু ন-কইনাৰ গাৰ পৰা মাহ হালধীৰ গোন্ধ নাযাওঁতেই স্বামীৰ লগতে বৰজনাক আৰু দেওৰেকৰ নাৰকীয় অত্যাচাৰৰ বলি হোৱাৰ অভিযোগ যুৱতী গৰাকীৰ ৷ স্বামী ৰিতু গগৈৰ লগত বিবাহ পাশত আৱদ্ধ হোৱা পাচৰে পৰা যুৱতী গৰাকীক বৰজনাক আৰু দেওৰেকে অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগ ৷ স্বামী ঘৰত নথকাৰ সুযোগ লৈ বৰজনাক শৈলেন গগৈয়ে যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন কৰে যুৱতীগৰাকীয়ে ৷ তাৰোপৰি দেওৰেক তীৰ্থ গগৈয়েও শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে ৷

বৰজনাক শৈলেন গগৈ আৰু দেওৰক তীৰ্থ গগৈৰ লগত শাৰীৰিক সম্পৰ্ক কৰিবলৈ অমান্তি হোৱাৰ বাবেই বৰজনাক আৰু দেওৰেকে মিলি মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা চলাই বুলি মন্তব্য কৰে যুৱতী গৰাকীয়ে ৷ ইমানেই নহয়, দেওবাৰে নিশা শাৰীৰিক অত্যাচাৰ সহিব নোৱাৰি স্বামী গৃহৰ পৰা পলাই অহাৰ পাচত পুনৰ ওভতাই নি মাৰপিট কৰে যুৱতী গৰাকীক ৷ যাৰ বাবে চকু আৰু মুখমণ্ডলত গুৰুতৰভাৱে আঘাট পোৱা যুৱতী গৰাকীয়ে বৰ্তমান জীৱন মৃত্যুৰে যুজি আছে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ৷ ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিতে তিনি অভিযুক্ত ক্ৰমে স্বামী ৰিতু গগৈ, বৰজনাক শৈলেন গগৈয়ে আৰু দেওৰেক তীৰ্থ গগৈক নাজিৰা আৰক্ষীয়ে আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷

Intro:Body:NABUL KONWAR
DATE- 2/10/2019
NAZIRA. ASSAM.

নাজিৰা, ২ অক্টোবৰ- বোৱাৰী নিৰ্যাতন ঘটনাৰ লগত জড়িত তিনি অভিযুক্তক আটক৷ ডিমৌ ৰজাবাৰীৰ কৈবৰ্তদলনিৰ নিজ গৃহৰ পৰা নাজিৰা আৰক্ষীয়ে আটক কৰে তিনি অভিযুক্ত ক ৷

মাত্ৰ তিনিমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা এগৰাকী ন বোৱাৰীক শাৰীৰিক অত্যাচাৰ চলাই এতিয়া ৰঙাঘৰৰ আলহী হল তিনি ককাইভাই৷ নাজিৰা বাউলীমৈদামৰ পৰা ডিমৌ ৰজাবাৰী কৈবৰ্ত দলনিলৈ বিয়া হৈ গৈছিল ৰিকি শইকীয়া নামৰ এগৰাকী যুৱতী। গাৰ পৰা ন কইনাৰ মাহ হালধীৰ গোন্ধ নাযাওঁতেই স্বামীৰ লগতে বৰজনাক আৰু দেওৰেকৰ নাৰকীয় অত্যাচাৰৰ বলি হল ৰিকি শইকীয়া নামৰ নৱবিবাহিতা মহিলা গৰাকী৷ স্বামী ৰিতু গগৈৰ লগত বিবাহ পাশত আৱদ্ধ হোৱা পিছৰে পৰা ৰিকি শইকীয়াক বৰজনাক আৰু দেওৰেকেে চলাইছিল অমানুষিক অত্যাচাৰ৷ স্বামী ঘৰত নথকাৰ সুযোগ লৈ বৰজনাক শৈলেন গগৈয়ে চলাইছিল যৌন নিৰ্যাতন৷ দেওৰেক তীৰ্থ গগৈয়েও প্ৰস্তাৱ দিছিল শাৰীৰিক সম্পৰ্কৰ৷ অৱশেষত ৰিকি শইকীয়াই বৰজনাক শৈলেন গগৈ আৰু দেওৰক তীৰ্থ গগৈৰ লগত শাৰীৰিক সৰ্ম্পক কৰিবলৈ অমান্তি হোৱাত স্বামী,বৰজনাক আৰু দেউৰেকে মিলি মৰিয়াই মৰিয়াই বোৱাৰী ৰিকি শইকীয়াক হত্যাৰ চেষ্টা চলাইছিল৷ দেওবাৰে নিশা শাৰীৰিক অত্যাচাৰ সহিব নোৱাৰি স্বামী গৃহৰ পৰা পলাই আহিল ৰিকি শইকীয়া৷ ঘৰৰ পৰা পলাই আহি পথত লগ পোৱা এজন লোকৰ পৰাই মবাইলত ঘৰৰ লোকৰ সৈতে যোগাযোগ কৰে৷ ঘৰৰ লোক ৰিকি শইকীয়াৰ স্বামী গৃহ পোৱাৰ পিছতো পুনৰ
পথৰ পৰা ওভতাই অত্যাচাৰ চলাই ৰিকিৰ ওপৰত৷ চকু আৰু মুখমণ্ডলত গুৰুতৰ ভাৱে আঘাট পোৱা ৰিকিয়ে বৰ্তমান জীৱন মৃত্যুৰে যুজি আছে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত৷ ইতিমধ্যে ৰিকি শইকীয়াৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত তিনি অভিযুক্ত ক্ৰমে স্বামী ৰিতু গগৈ, বৰজনাক শৈলেন গগৈয়ে আৰু দেওৰেক তীৰ্থ গগৈক নাজিৰা আৰক্ষীয়ে আটক কৰি মহামান্য আদালতলৈ প্ৰেৰণ কৰিছে ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.