ETV Bharat / state

শিৱসাগৰত ভেকছিন প্ৰদান কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি

author img

By

Published : Jun 16, 2021, 5:09 PM IST

শিৱসাগৰত প্ৰতিষেধক গ্ৰহণৰ বাবে নিশা এপৰৰ পৰা শাৰী পাতিছে ৰাইজে ৷ শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত বুধবাৰে ২০০ পালি প্ৰতিষেধক প্ৰদান কৰাৰ তথ্য দিছিল যদিও নিশা ২ বজাৰ পৰা লাইন ধৰি ক্ৰমাৎ হাজাৰ লোক সমৱেত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিছে ।

wailing situation at vaccine centre in Sivasagar
শিৱসাগৰত ভেকছিন প্ৰদান কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি

শিৱসাগৰ, 16 জুন : শিৱসাগৰত প্ৰতিষেধক গ্ৰহণ কৰাক লৈ হাহাকাৰ । প্ৰতিষেধক গ্ৰহণৰ বাবে ৰাইজে নিশা এপৰত আহি শাৰী পাতিছে প্ৰতিষেধক প্ৰদান কেন্দ্ৰত । শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত প্ৰতিষেধক গ্ৰহণৰ বাবে পুৱাৰ পৰা লাইন । বুধবাৰে বিদ্যালয়খনৰ প্ৰতিষেধক কেন্দ্ৰত ৭ মে’ তাৰিখৰ আগত কোভেক্সিন (Covaxin)ৰ প্ৰথম পালি লোৱা লোকৰ বাবে দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল ।

কেন্দ্ৰটোৰ স্বাস্থ্যকৰ্মী এগৰাকীয়ে জনোৱা মতে কেন্দ্ৰটোত বুধবাৰে ২০০ পালি প্ৰতিষেধক প্ৰদান কৰাৰ তথ্য দিছিল । কিন্তু ইতিমধ্যে বহু দিন ধৰি দ্বিতীয় পালি প্ৰতিষেধকৰ বাবে হাহাকাৰ কৰি থকা হাজাৰ স‌ংখ্যক লোকে এই প্ৰতিষেধক প্ৰদান কেন্দ্ৰত প্ৰতিষেধক লাভৰ বাবে ভিৰ কৰে । নিশা ২ বজাৰ পৰা লাইন ধৰি ক্ৰমাৎ হাজাৰ লোক সমৱেত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰে ।

উল্লেখ্য যে, প্ৰতিষেধক গ্ৰহণৰ আশাত শাৰী পতা মানুহৰ লাইন মুক্তিনাথ চাৰিআলি পৰ্যন্ত পায়গৈ । এনে পৰিস্থিতিত বয়োজেষ্ঠ সকলকলৈ এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় । মাত্ৰ ২০০ ভেকছিন প্ৰদান কৰিব লগা এই কেন্দ্ৰত কি কাৰণে হাজাৰ মানুহে সকলো ক’ভিড প্ৰ’টকল ভংগ কৰি ভিৰ কৰিব লগা হ’ল সেই বিষয়ক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : ৰাজ্যত পুনৰ প্ৰশাসনিক বিভাগত ব্যাপক ৰদবদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.