ETV Bharat / state

পানীদিহিং পক্ষী অভয়াৰণ্যত মুকলি 11 টা শগুণ - পশুধন ভক্ষণ কৰি মৃত্যু হৈছিল 19 টা শগুণ

লেপাইগাঁৱৰ পথাৰত কোনো দুষ্টলোকে কীটনাশক দ্ৰব্য ছটিয়াই থোৱা মৃত পশুধন ভক্ষণ কৰি মৃত্যু হৈছিল 19 টা শগুণৰ ৷ লগতে অসুস্থ হৈ পৰিছিল 13 টা শগুণ ৷

VULTURE RELEASED BY DEMOW FOREST DEPARTMENT
পানীদিহিং পক্ষী অভয়াৰণ্যত মুকলি 11 টা শগুণ
author img

By

Published : Apr 27, 2020, 1:07 PM IST

শিৱসাগৰ, 27 এপ্ৰিল: মৃত পশুধন ভক্ষণ কৰি অসুস্থ হৈ পৰা 11 টাকৈ শগুণক চিকিৎসা প্ৰদানৰ অন্তত সুস্থ কৰি পুনৰ প্ৰকৃতিৰ মাজত মুকলি কৰি দিয়ে ডিমৌৰ বন বিভাগে ৷ ডিমৌৰ সমীপৰ পানীদিহিং পক্ষী অভয়াৰণ্যত দেওবাৰে শগুণ কেইটাক মুকলি কৰি দিয়ে বন বিভাগে ৷ বৰ্তমান শগুণ কেইটা সম্পূৰ্ণ সুস্থ বুলি জনাই বন বিভাগৰ লোকে ৷

পানীদিহিং পক্ষী অভয়াৰণ্যত মুকলি 11 টা শগুণ

উল্লেখ্য যে, যোৱা 21 এপ্ৰিল তাৰিখে লেপাইগাঁৱৰ পথাৰত কোনো দুষ্টলোকে কীটনাশক দ্ৰব্য ছটিয়াই থোৱা মৃত পশুধন ভক্ষণ কৰি মৃত্যু হৈছিল 19 টা শগুণৰ ৷ লগতে অসুস্থ হৈ পৰিছিল 13 টা শগুণ ৷ শিৱসাগৰ,ডিমৌ বন বিভাগৰ তৎপৰতাত অসুস্থ শগুণ কেইটাক চিকিৎসা প্ৰদান কৰা হয় যদিও তাৰ মাজৰে 2ট শগুণৰ মৃত্যু হয় ৷ ইয়াৰ পাছতে সুস্থ হৈ উঠা আন 11 টা শগুণক দেওবাৰে পানীদিহিং পক্ষী অভয়াৰণ্যত মুকলি কৰি দিয়ে ডিমৌ বন বিভাগে ৷

VULTURE RELEASED BY DEMOW FOREST DEPARTMENT
পানীদিহিং পক্ষী অভয়াৰণ্যত মুকলি 11 টা শগুণ

লগতে পঢ়কঃ গুৱাহাটীৰ পৰা পদযাত্ৰা কৰা শ্ৰমিকক শ্ৰীৰামপুৰত কোৱাৰেন্টাইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.