ETV Bharat / state

শিৱসাগৰত স্বাস্থ্য বিভাগৰ তৎপৰতা

author img

By

Published : Apr 2, 2020, 5:47 PM IST

শিৱসাগৰ স্বাস্থ্য বিভাগে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে হোম ক্যুৱাৰান্টাইন, আইচলেশ্যনৰ ওপৰিও তেওঁলোকে সন্দেহজনক ব্যক্তিৰ ৰক্ত পৰীক্ষা কৰা, তেনে লোকৰ ভ্ৰমণ ইতিহাস পৰীক্ষা কৰি তেনে লোকৰ সংস্পৰ্শলৈ অহা সকলক পৰ্যৱেক্ষণত ৰখাকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷

স্বাস্থ্য বিভাগৰ তৎপৰতা
স্বাস্থ্য বিভাগৰ তৎপৰতা

শিৱসাগৰ, 2 এপ্ৰিলঃ কৰ'ণা প্ৰতিৰোধৰ বাবে তৎপৰ শিৱসাগৰ জিলা প্ৰশাসন ৷ শিৱসাগৰ স্বাস্থ্য বিভাগে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে হাতত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ হোম ক্যুৱাৰান্টাইন, আইচলেশ্যনৰ ওপৰিও তেওঁলোকে সন্দেহজনক ব্যক্তিৰ ৰক্ত পৰীক্ষা কৰা, তেনে লোকৰ ভ্ৰমণ ইতিহাস পৰীক্ষা কৰি তেনে লোকৰ সংস্পৰ্শলৈ অহা সকলক পৰ্যৱেক্ষণত ৰখাকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বৰ্তমানলৈ শিৱসাগৰ স্বাস্থ্য বিভাগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ মুঠ ২০৫৭ গৰাকী লোকক হোম ক্যুৱাৰান্টাইনত ৰাখিছে ৷ ইয়াৰে ৬০ গৰাকী লোকৰ ২৮ দিনীয়া পৰ্যৱেক্ষণৰ ইতিমধ্যে অন্ত পৰিছে ৷ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখা হৈছে ৮ গৰাকী সন্দেহজনক ব্যক্তিক ৷ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে ৫১ জন সন্দেহজনক লোকৰ তেজৰ নমুনা আইচিএমআৰ লাহোৱালত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ইয়াৰ ভিতৰত 14 গৰাকী লোকৰ ফলাফল নিগেটিভ অহাৰ বিপৰীতে, ৩৭ গৰাকীৰ ফলাফল বৃহস্পতিবাৰে নিশা লাভ কৰাৰ সম্ভাৱনা আছে ৷

শিৱসাগৰত স্বাস্থ্য বিভাগৰ তৎপৰতা

আনহাতে নিজামুদ্দিন মাৰ্কাজলৈ যোৱা শিৱসাগৰ-চৰাইদেউ জিলাৰ ১০ গৰাকী লোকৰ ভিতৰত ৫ গৰাকী বৰ্তমান দিল্লীত আছে ৷ বাকী ৫ গৰাকীক ইতিমধ্যে প্ৰশাসনে চিনাক্ত কৰিছে ৷ ইয়াৰে দুগৰাকীয়ে নিজামুদ্দিন তবলীগত অংশগ্ৰহণ কৰিছিল আৰু আন দুগৰাকীয়ে পুৰণি দিল্লী ভ্ৰমণ কৰিছিল ৷ তেওঁলোকক বৰ্তমান আছুতীয়াকৈ ৰখা হৈছে ৷

লগতে পঢ়কঃ প্ৰাতঃ ভ্ৰমণলৈ যোৱা 120 গৰাকী লোকক আবদ্ধ লাতুৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.