ETV Bharat / state

অপহৃত প্ৰণৱ গগৈৰ পৰিয়ালে ক'লে: তেওঁক হত্যা কৰাৰ আগত আমাক মাৰি যাওঁক !

author img

By

Published : Feb 19, 2021, 8:25 PM IST

Updated : Feb 19, 2021, 10:10 PM IST

কুইপ কোম্পানীৰ সৈতে হোৱা আলোচনা বিফল হোৱাৰ বাবে পূৰ্ব সিদ্ধান্ত অনুসৰি অহা সপ্তাহত চূড়ান্ত ব্যৱস্থা গ্ৰহণ কৰিব দুই অপহৃত কৰ্মচাৰীৰ ওপৰত । আলফাৰ প্ৰচাৰ সচিৱ ৰুমেল অসমে প্ৰেৰণ কৰা বিবৃতিৰ পিচতে শিৱসাগৰ নগৰৰ প্ৰণৱ গগৈ পৰিয়ালত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ulfa-new-statement-on-the-two-kidnapped
অপহৃত প্ৰণৱ গগৈৰ পৰিয়ালে ক'লে: তেওঁক হত্যা কৰাৰ আগত আমাক মাৰি যাওঁক !

শিৱসাগৰ, 19 ফেব্ৰুৱাৰী : আলফাই অপহৰণ কৰি মুক্তিপণ দাবী কৰা অপহৃত কুইপৰ দুই বিষয়াক লৈ আলফাই আজি প্ৰকাশ কৰিছে নতুন বিবৃতি । কুইপ কোম্পানীৰ সৈতে হোৱা আলোচনা বিফল হোৱাৰ বাবে পূৰ্ব সিদ্ধান্ত অনুসৰি অহা সপ্তাহত চূড়ান্ত ব্যৱস্থা গ্ৰহণ কৰিব দুই অপহৃত কৰ্মচাৰীৰ ওপৰত । আলফাৰ প্ৰচাৰ সচিৱ ৰুমেল অসমে প্ৰেৰণ কৰা এই বিবৃতিত পিচতে শিৱসাগৰ নগৰস্থিত প্ৰণৱ গগৈৰ পৰিয়ালত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে, যোৱা ২১ ডিছেম্বৰ তাৰিখে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুনৰ পৰা কু'ইপ নামৰ তৈল উৎপাদত কোম্পানীত কৰ্মৰত দুজন কৰ্মচাৰী ক্ৰমে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক আলফা(স্বা) আৰু এনএছচিএনে অপহৰণ কৰি এক বৃহৎ মুক্তিপণ দাবী কৰিছিল । উক্ত মুক্তিপণ কোম্পানীয়ে পৰিশোধ নকৰাৰ বাবদ কিছু দিনৰ আগত আলফাৰ সেনাধক্ষ্য পৰেশ বৰুৱাই খিলঞ্জীয়া প্ৰণৱ কুমাৰ গগৈৰ দায়িত্ব আলফাই গ্ৰহণ কৰাৰ বিপৰীতে ৰাম কুমাৰৰ দায়িত্ব গ্ৰহণ কৰিব নোৱাৰিব বুলি এক বক্তব্য সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল ।

উক্ত বক্তব্যৰ পিচতে পুনৰ ২৭ জানুৱাৰী তাৰিখে আলফাৰ প্ৰচাৰ সচিৱ ৰুমেল অসমৰ দ্বাৰা অন্তিম সময় সীমা প্ৰদান কৰি আলফাৰ তৰফৰ পৰা বিবৃতি প্ৰকাশ কৰা হৈছিল । উক্ত বিবৃতিত আলফাই ১৬ ফেব্ৰুৱাৰী মুক্তিপণ প্ৰদানৰ অন্তিম দিন বুলি ঘোষণা কৰি উক্ত দিনৰ ভিতৰত কুইপ কোম্পানীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে ১৭ ফেব্ৰুৱাৰী তাৰিখে ৰাম কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি চৰম সকিয়নি প্ৰদান কৰিছিল ।

এই অন্তিম সময়সীমা যোৱা 16 ফেব্ৰুৱাৰী তাৰিখে উকলি যোৱাৰ পিচতে আজি পুনৰ আলফা স্বাধীনৰ প্ৰচাৰ সচিৱ ৰুমেল অসমে বিবৃতি প্ৰকাশ কৰিছে । আলফাৰ তৰফৰ পৰা প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে, অসমবাসী তথা অসম-অৰুণাচল প্ৰদেশৰ চৰকাৰ আৰু কুইপ কোম্পানীৰ দুই অপহৃত কৰ্মচাৰীৰ পৰিয়ালক জনাও যে, বিগত ১৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ১৯ ফেব্ৰুৱাৰী তাৰিখলৈ কুইপ কোম্পানীৰ সৈতে হোৱা আলোচনাত কোনো সমাধান সূত্ৰ নোলাল ৷ গতিকে আমাৰ পূৰ্বৰ সিদ্ধান্ত অনুসৰি দুই কৰ্মচাৰী ক্ৰমে ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈৰ ওপৰত অহা সপ্তাহত পৰ্যায়ক্ৰমে চূড়ান্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

এই বিবৃতি সংবাদ মাধ্যমত ৰাজহুৱা হোৱাৰ লগে লগে শিৱসাগৰ নগৰৰ হাবিৰাম বৰা পথৰ নিৱাসী প্ৰণৱ কুমাৰ গগৈৰ ঘৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ গগৈৰ মুক্তিৰ লগতে ৰাম কুমাৰৰ মুক্তিৰ বাবে কিছুদিন আগত পৰেশ বৰুৱাৰ তিনিচুকীয়া ঘৰত উপস্থিত হৈ পাণ-তামোল দি সেৱা আগবঢ়াই অহাৰ পিচতো মুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰা আলফাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ব্যক্তি দুজনৰ পৰিয়াবৰ্গই ‌।

প্ৰণৱ কুমাৰ গগৈক হত্যা কৰাৰ আগত শিৱসাগৰৰ ঘৰলৈ আহি বাকী সকলক আলফাই মাৰি যাওঁক বুলি ক্ষোভ প্ৰকাশ কৰি পৰিয়ালৰ লোকে কয়, অসম চৰকাৰে এজন অসমীয়াৰ অপহৰণৰ বিষয়টো সম্পূৰ্ণৰূপে আওকাণ কৰিছে । এতিয়া আমি আমাৰ ঘৰ-মাটি বিক্ৰী কৰি পথৰ ভিক্ষাৰী হ'ম । বিক্ৰীৰ বাবদ যি পাওঁ সকলো আলফাক দিম ৷ মাত্ৰ আমাৰ মানুহজন ঘূৰাই দিয়ক । এইদৰে ক্ষোভ প্ৰকাশ কৰিছে পৰিয়াল দুটাৰ সদস্য সকলে ৷

ইফালে, বিবৃতি লাভৰ পিচতে সৰৱ হৈ পৰিছে শিৱসাগৰৰ দল-সংগঠন । আলফাৰ এনে হঠকাৰী সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দি শীঘ্ৰে গগৈৰ লগতে ৰাম কুমাৰৰ মুক্তি দাবী কৰিছে শিৱসাগৰৰ দল-সংগঠন নেতৃত্বই ।

লগতে পঢ়ক: ৰাইজক টেঙা আম খোৱাই বিজেপিয়ে 100+ ৰ লক্ষ্য বান্ধিছে !

Last Updated : Feb 19, 2021, 10:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.