ETV Bharat / state

শিৱসাগৰত বাগৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক - এন আৰ এল পেট্ৰ'ল পাম্পৰ সমীপত পথৰ পৰা বাগৰিল ৩০৬টা চিলিণ্ডাৰ ভৰ্তি পাঞ্জাৱ বডী ট্ৰাক

শিৱসাগৰত শুকুৰবাৰে এন আৰ এল পেট্ৰ'ল পাম্পৰ সমীপত পথৰ পৰা বাগৰিল ৩০৬টা চিলিণ্ডাৰ ভৰ্তি পাঞ্জাৱ বডী ট্ৰাক ৷

Truck accident  at sivasagar
শিৱসাগৰত বাগৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক
author img

By

Published : Mar 21, 2020, 9:43 AM IST

Updated : Mar 21, 2020, 10:05 AM IST

শিৱসাগৰ,21 মাৰ্চঃ শিৱসাগৰত শুকুৰবাৰে নিশা সংঘটিত হয় এক দুৰ্ঘটনা ৷ পথৰ পৰা বাগৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক ৷শিৱসাগৰ চহৰৰ NRL পেট্ৰল পাম্পৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয় ৷

শিৱসাগৰত বাগৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক
পথৰ পৰা বাগৰিল ৩০৬টা চিলিণ্ডাৰ ভৰ্তি পাঞ্জাৱ বডী ট্ৰাক ৷ শিৱসাগৰৰ আইলা গেছ এজেঞ্চীলৈ অনা হৈছিল ৰন্ধন গেছৰ চিলিণ্ডাৰকেইটা ।ডিগবৈৰ পৰা গেছ ভৰ্তি চিলিণ্ডাৰ সমূহ শিৱসাগৰৰ আইলা গেছ এজেঞ্চীৰ গোদামলৈ কঢ়িয়াই আনিছিল NL 04 D 5203 নম্বৰৰ ট্ৰাকখনে ৷ দিখৌ দলঙলৈ উঠাৰ সময়তে নিয়ন্ত্ৰন হেৰুৱাই বাগৰি পৰিল ট্ৰাক খন।ট্ৰাক চালকে জনোৱা মতে,এখন নৈশবাছে বিধি বিৰুদ্ধভাৱে চলোৱাৰ ফলত সংঘৰ্ষ ৰোধিবলৈ গৈ গেছ ভৰ্তি ট্ৰাকখন বাগৰি পৰে।নিশাই সংঘটিত দুৰ্ঘটনাৰ পাছতো বৰ্তমানলৈকে প্ৰশাসনে গ্ৰহণ কৰা নাই নিৰাপত্তামূলক ব্যৱস্থা ৷ দুজন যানবাহন শাখাৰ আৰক্ষীক নিয়োগ কৰিয়েই দায়িত্ব সামৰিছে আৰক্ষীয়ে।অৱশ্যে ঘটনাস্থলিত আৰক্ষীৰ তৎকালীন উপস্থিতিৰ বাবে এটা চিলিণ্ডাৰো চোৰে নিবলৈ সক্ষম নহ'ল।

লগতে পঢ়কঃতেল চুৰি কৰি আটক অইল ইণ্ডিয়াৰ কৰ্মচাৰী

Last Updated : Mar 21, 2020, 10:05 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.