ETV Bharat / state

অ’এনজিচিৰ তিনি বিষয়াক অপহৰণৰ আঁৰত কোন ?

author img

By

Published : Apr 21, 2021, 8:41 AM IST

Updated : Apr 21, 2021, 10:09 AM IST

মঙলবাৰে মাজনিশা তিনি অ’এনজিচি বিষয়াক অপহৰণ বন্দুকধাৰী অচিনাক্ত দলৰ ৷ লাকুৱা অ’এনজিচিত কৰ্মৰত আছিল বিষয়া তিনিগৰাকী ৷

three-ongc-officers-kidnapped
অ’এনজিচিৰ তিনি বিষয়াক অপহৰণ

শিৱসাগৰ,21 এপ্ৰিল : লাকুৱা অ’এনজিচিত কৰ্মৰত তিনি বিষয়াক মঙলবাৰে মাজনিশা অপহৰণ কৰে 5 জনীয়া বন্দুকধাৰী অচিনাক্ত দলে ৷ জিজিএছ-8 ৰ এটা ৰীগৰ পৰা সন্ধানহীন হৈছে অপহৃত বিষয়া কেইগৰাকী ৷ অপহৃত বিষয়া কেইগৰাকী ক্ৰমে- কনিষ্ঠ কাৰিকৰী সহায়ক মোহিনী মোহন গগৈ, ৰিতুল শইকীয়া আৰু কনিষ্ঠ আভিযান্ত্ৰিক সহায়ক অলকেশ শইকীয়া ৷ এই অপহৰণৰ আঁৰত কোন জড়িত সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

three-ongc-officers-kidnapped
অ’এনজিচিৰ তিনি বিষয়াক অপহৰণ

ইফালে, অ’এনজিচিৰ বিষয়া তিনিগৰাকীক অপহৰণ কৰি নিয়া এম্বুলেন্সৰসহ চালকক আটক কৰিছে চৰাইদেউ আৰক্ষীয়ে ৷ তথ্য অনুসৰি, মাজ নিশা ২ বজাত এটা ৫ জনীয়া সশস্ত্ৰ দলে লাকুৱা জিজিএছ-8 ৰ পৰা অপহৰণ কৰিছিল কৰ্মচাৰী তিনিগৰাকীক ৷ এই অপহৰণত ব্যৱহাৰ কৰা হৈছিল অ’এনজিচিৰ এখন এম্বুলেন্স । পাছত লাকুৱা ডৰবাৰ চাৰিআলিত এম্বুলেন্সসহ চালকক এৰি যায় দলটোৱে ৷ সম্প্ৰতি চৰাইদেউ আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ দলে জিম্মাত লয় চালকজনক ৷ অৱশ্যে এম্বুলেন্সখন আৰক্ষীয়ে এৰি দিয়া বুলি জানিব পৰা গৈছে ৷

three-ongc-officers-kidnapped
অ’এনজিচিৰ তিনি বিষয়াক লৈ যোৱা এম্বুলেন্সখন

উল্লেখ্য যে, যোৱা বৰ্ষৰ 21 ডিচেম্বৰত অৰুণাচলস্থিত কুইপ’ৰ কাৰ্যালয়ৰ পৰা অপহৃত হৈছিল দুগৰাকী বিষয়া ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ ৷ এই অপহৰণ কাণ্ডৰে জড়িত আছিল আলফা স্বাধীন ৷ তিনিমাহ 14 দিনৰ অন্তত প্ৰণৱ কুমাৰ গগৈক আৰু তিনিমাহ 16 দিনৰ অন্তত ৰাম কুমাৰক মুকলি কৰি দিছিল আলফা স্বাধীনে ৷ কিন্তু অ‘অনজিচিৰ এই তিনিগৰাকী কৰ্মচাৰীক কোনে অপহৰণ কৰিছে সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত আছে ৷ কোনো নিষিদ্ধ ঘোষিত সংগঠনৰ ফালৰ পৰাও বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো স্থিতি স্পষ্ট নকৰাত এই ঘটনা অধিক ৰহস্যঘন হৈ পৰিছে ৷

লগতে পঢ়ক : কলিয়াবৰত ক'ভিডত আক্ৰান্তৰ সংখ‍্যা ২২ জনলৈ বৃদ্ধি

Last Updated : Apr 21, 2021, 10:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.