শিৱসাগৰ, 9 নৱেম্বৰ : পুনৰ চৰ্চালৈ আহিছে ‘ভুৱা চিকিৎসক’(Fake Doctor)ৰ বিষয় ৷ ৰোগীক ৰামঠগন দি নিজৰ লাভালাভৰ বাবে একাংশ ভুৱা চিকিৎসকে চলাই আহিছে চিকিৎসা সেৱা ৷ প্ৰকৃত পৰিচয় পোহৰলৈ অহাৰ পাচত বহুকেইগৰাকী ভুৱা চিকিৎসক ইতিমধ্যে ৰঙাঘৰৰ আলহীও হৈছে ৷ এইবাৰ এনে অনুৰূপ ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাত ৷
বিগত বছৰত শিৱসাগৰৰ স্বৰ্গদেউ চ্যুকাফা মাল্টিস্পেচিয়েলিটি হাস্পতাল(Swargadeo Siu-ka-fa Multi speciality Hospital)ত কিছুদিনৰ বাবে সহ-চিকিৎসকৰূপে কৰ্মৰত আছিল এগৰাকী ভুৱা চিকিৎসক ৷ নাম তৃষা পেগু ৷ তেওঁৰ বিৰুদ্ধে ভুৱা চিকিৎসকৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ এগৰাকী মহিলাই ৷
অভিযোগ অনুসৰি, ধেমাজিৰ নিবাসী তৃষা পেগুৱে চিকিৎসকৰূপে দায়িত্ব পালন কৰি থকাৰ লগতে চিকিৎসা শিক্ষাৰ উচ্চ প্ৰতিষ্ঠানত নামভৰ্তি কৰি দিয়াৰ নামত উৎকোচ গ্ৰহণ কৰি আহিছিল ৷ ইফালে চিকিৎসকৰূপে কৰ্মৰত থকা তৃষাই প্ৰত্যক্ষ চিকিৎসা সেৱা প্ৰদান নকৰা বুলি উল্লেখ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ।
ভুৱা চিকিৎসক তৃষা পেগুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ শিৱসাগৰত । অৱশ্যে এই সন্দৰ্ভত ভুৱা চিকিৎসক তৃষা পেগুৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া লাভ কৰিব পৰা হোৱা নাই ।
লগতে পঢ়ক : খং উঠিছে বিধায়ক দিগন্ত কলিতাৰ...কিন্তু কাৰ ওপৰত ?