ETV Bharat / state

শিৱসাগৰত টিটেনাছ-ডিপথেৰিয়া টীকাকৰণ অভিযান আৰম্ভ - tetanus-and-diphtheria-td-vaccine-mission-

বিভিন্ন সময়ত শিশু সকলক টিটেনাছ-ডিপথেৰিয়াৰ প্ৰতিষেধক প্ৰদান কৰি অহা হৈছে যদিও এই প্ৰতিষেধক সমূহ পৰ্যাপ্ত নোহোৱাত সমগ্ৰ অসমতে পুনৰ 21 দিনীয়া "টিটেনাছ-ডিপথেৰিয়াৰ প্ৰতিষেধক প্ৰদান" অভিযান আৰম্ভ কৰিছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৷

tetanus-and-diphtheria-td-vaccine-mission-start-at-sivsagar
শিৱসাগৰত টিটেনাছ-ডিপথেৰিয়া টীকাকৰণ অভিযান আৰম্ভ
author img

By

Published : Dec 14, 2020, 10:12 PM IST

শিৱসাগৰ,14 ডিচেম্বৰ: শিৱসাগৰত আৰম্ভ কৰা হৈছে টিটেনাছ আৰু ডিপথেৰিয়াৰ বিশেষ প্ৰতিষেধক অভিযান ৷ এখন টিটেনাছ-ডিপথেৰিয়া মুক্ত জিলাৰ লক্ষ্যৰে সোমবাৰৰ শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত এই অভিযানৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই৷ জিলাখনৰ বিভিন্ন স্বাস্থ্য বিষয়া,স্বাস্থ্য কৰ্মী আৰু আশা কৰ্মীৰ উপস্থিতত নিৰ্ধাৰিত পৰিকল্পনা অনুসৰি এই প্ৰতিষেধক নিৰ্দিষ্ট বয়সৰ শিশু সকলক প্ৰদান কৰা হব বুলি প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে ৷

tetanus-and-diphtheria-td-vaccine-mission-start-at-sivsagar
শিৱসাগৰত টিটেনাছ-ডিপথেৰিয়া টীকাকৰণ অভিযান আৰম্ভ

উল্লেখ্য যে, সন্তান জন্মৰ পাছত বিভিন্ন সময়ত টিটেনাছ-ডিপথেৰিয়াৰ প্ৰতিষেধক প্ৰদান কৰি অহা হৈছে যদিও এই প্ৰতিষেধক সমূহ পৰ্যাপ্ত নোহোৱা যেন পৰিলক্ষিত হৈছে ৷ সেয়েহে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সমগ্ৰ অসমতে 5-6 বছৰৰ আৰু 10-11 বছৰৰ শিশু সকলক এই প্ৰতিষেধক প্ৰদানৰ বাবে 21 দিনীয়া এক অভিযান সোমবাৰৰ পৰা আৰম্ভ কৰিছে ৷ চৰকাৰে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট বয়সৰ শিশু সকলৰ অভিভাৱক সকলক এই প্ৰতিষেধক নিজ নিজ সন্তানক প্ৰদান কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে ৷

লগতে পঢ়কঃ বৰপেটাত টিটেনাচ-ডিফথেৰিয়া টীকাকৰণ অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.