আমগুৰি,১৫ মে': শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ সীমামূৰীয়া মিটং নদীৰ ওপৰত থকা বাঁহৰ দলঙে দাঙি ধৰিছে বিকশিত অসমৰ এখন বিপৰীত ছবি । আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ এলেকাৰ মোকালনি গাঁওবাসীৰ বাবে যাতায়তৰ মাধ্যম হিচাপে বাঁহৰ দলং আৰু বাৰিষা টুলুঙা নাৱেই হৈ পৰে একমাত্ৰ সম্বল (No paved bridge over Mitong River) ।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, স্থানীয় লোকসকলে অতি বিপদসংকুলভাৱে কৰিব লগা হয় যাতায়াত (Terrible communication with bamboo bridge) । মোকালনি গাঁৱৰ কোনো লোকৰ অসুস্থ হ'লে কোলাত তুলি নিৰ্দিষ্ট স্থানলৈ আনিব লগা হয় । স্থানীয় ভুক্তভোগী লোকে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰা লগতে শীঘ্ৰে এখন পকী দলঙৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।
যি সময়ত ৰাজ্য চৰকাৰে যাতায়াত ব্যৱস্থা উন্নত কৰিবলৈ আৰু জৰাজীৰ্ণ দলঙৰ সলনি পকী দলঙৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে কোটি কোটি টকা আবন্টন দিছে । ঠিক তেনে সময়তে আমগুৰি সমষ্টি আৰু টীয়ক সমষ্টিৰ সীমামূৰীয়া মোকালনি গাঁওৰ দলং পকীকৰণ নোহোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।
লগতে পঢ়ক : গুণোৎসৱত দুবাৰকৈ জিলাৰ ভিতৰত প্ৰথম স্থান পোৱা বিদ্যালয়ৰ শোচনীয় অৱস্থা