ETV Bharat / state

শিৱসাগৰত কৰ'ণা ভাইৰাছৰ বাবে সজাগতা অভিযান শিক্ষকসকলৰ - কৰ'ণা ভাইৰাছ

ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি শিক্ষক সকল নামি পৰিছে "কৰ'ণা পৰিত্ৰাণ" অভিযানত । বুধবাৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষক সকলে হাতত কৰ'ণা ভাইৰাছৰ ইতিবৃত্ত লৈ দোকানে দোকানে সোমাই ভাইৰাছ বিধৰ ভয়াৱহতা আৰু ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় বিশ্লেষণ কৰে ৷

সজাগতা অভিযান শিক্ষকসকলৰ
সজাগতা অভিযান শিক্ষকসকলৰ
author img

By

Published : Mar 18, 2020, 4:01 PM IST

Updated : Mar 18, 2020, 4:10 PM IST

শিৱসাগৰ, 18 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাই আতংকিত কৰি তুলিছে সকলোকে । কোনো প্ৰতিষেধক উপলব্ধ নোহোৱা ভাইৰাছক প্ৰতিহত কৰাৰ একমাত্ৰ আহিলা প্ৰতিৰোধ। প্ৰতিৰোধেই এতিয়া এই মাৰাত্মক ভাইৰাছৰ একক চিকিৎসা । ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি শিক্ষক সকল নামি পৰিছে "কৰ'ণা পৰিত্ৰাণ" অভিযানত । অভিযানৰ অংশৰূপে আজি বিভিন্ন সজাগতা আভিযানত দেখা গ'ল শিক্ষক সমাজক । শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষক সকলে হাতত কৰ'ণা ভাইৰাছৰ ইতিবৃত্ত লৈ দোকানে দোকানে সোমাই ভাইৰাছ বিধৰ ভয়াৱহতা আৰু ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় বিশ্লেষণ কৰে। ঘনাই হাত ধোৱা,ব্যক্তিৰ মাজত ব্যক্তিৰ শাৰিক সংস্পৰ্শ এৰাই চলা,জ্বৰ-চৰ্দিত ভোগা লোকৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰখা, শৰীৰৰ প্ৰতিষেধক অটুট ৰাখিবলৈ খাদ্যাভ্যাসৰ যত্ন লোৱা আদি বিভিন্ন উপায় সমূহৰ বিষয়ে ৰাইজক অৱগত কৰে । আনহাতে বিশ্ববিদ্যালয় আয়োগৰ নিৰ্দেশ অনুসৰি মহাবিদ্যালয় সমূহে চাৰি-পাঁচখন গাঁৱৰ দায়িত্ব লৈ কৰ'ণা ভাইৰাছৰ বিষয়ে সজাগতা গঢ়াৰ চেষ্টা কৰাৰ লগতে এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে সেই সমূহো প্ৰদৰ্শনৰ অভিযান হাতত লৈছে ।

শিৱসাগৰত কৰ'ণা ভাইৰাছৰ বাবে সজাগতা অভিযান শিক্ষকসকলৰ

লগতে পঢ়কঃ নগাঁও মহাবিদ্যালয়ত বিনামূলীয়া হেণ্ড ছেনিটাইজাৰ বিতৰণ

Last Updated : Mar 18, 2020, 4:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.