ETV Bharat / state

টাই আহোম যুৱ পৰিষদৰ তিনিগৰাকী কেন্দ্ৰীয় নেতৃত্বক অপসাৰণ - জনজাতিকৰণ

সংগঠনৰ নীতি নিয়ম উলংঘা কৰাৰ অভিযোগত টাই আহোম যুৱ পৰিষদ অসম (টাইপা) তিনিগৰাকী কেন্দ্ৰীয় বিষয়ববীয়াক অনাস্থাৰ লগতে সাংগঠনিক কাৰ্যকলাপৰ পৰা বিৰত থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ এই বিষয়ে শুকুৰবাৰে অনুষ্ঠিত এখন কাৰ্যনিৰ্বাহক সভাত উল্লেখ কৰে সংগঠনটোৰ কৰ্মকৰ্তা সকলে ৷

কেন্দ্ৰীয় নেতৃত্বক অপসাৰণ
কেন্দ্ৰীয় নেতৃত্বক অপসাৰণ
author img

By

Published : Aug 21, 2020, 8:43 PM IST

শিৱসাগৰ, 21 আগষ্ট: সোমবাৰে চৰাইদেউৰ লাংকুৰি দেওশালত অনুষ্ঠিত হয় টাই আহোম যুৱ পৰিষদ অসম (টাইপা) ৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সভা ৷ সংগঠনটোৰ নীতি নিয়ম উলংঘা কৰাৰ অভিযোগত তিনিগৰাকী কেন্দ্ৰীয় বিষয়ববীয়াক অনাস্থাৰ লগতে সাংগঠনিক কাৰ্যকলাপৰ পৰা বিৰত থকাৰ নিৰ্দেশ প্ৰদান কৰে ৷

টাই আহোম যুৱ পৰিষদৰ তিনিগৰাকী কেন্দ্ৰীয় নেতৃত্বক অপসাৰণ

বিগত কিছু দিনৰ পূৰ্বে কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ গগৈ, সম্পাদক মণ্ডলীৰ দুজনকৈ ক্ৰমে দিগন্ত তামুলী আৰু দ্বীপজ্যোতি দুৱৰাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে, টাইপাৰ নীতি নিয়ম উলংঘা কৰাৰ অভিযোগত কাৰ্যনিৰ্বাহক সভাই তিনিওজন বিষয়ববীয়াক কাৰণ দৰ্শোৱাৰ নিৰ্দেশ জাৰি কৰাৰ ওপৰিও, অধিৱেশন অনুষ্ঠিত নোহোৱা পৰ্যন্ত সকলো ধৰণৰ সাংগঠনিক কাৰ্যৰ বিৰত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ কাৰ্যনিৰ্বাহক সভাই আগষ্ট মাহৰ ২৬ তাৰিখে হ'বলগীয়া কেন্দ্ৰীয় প্ৰতিনিধি সভা বাতিল কৰা সিদ্ধান্ত গ্ৰহণ কৰে ৷ সভাই স্পষ্ট কৰি দিয়ে যে কাৰ্যনিৰ্বাহক সভাক অৱজ্ঞা কৰি যদি আগন্তুক সময়ত তিনিও জন বিষয়ববীয়াই কোনো ধৰনৰ সাংগঠনিক কাৰ্য সম্পাদন কৰে, তেন্তে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ মুখপাত্ৰ নৱদ্বীপ বৰুৱাই জনজাতিকৰণৰ লগতে জনগোষ্ঠীয় সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক: বেৰাচাপৰিত ২ কোটি টকীয়া পাৰ্কুপাইন আঁচনিৰ কামৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.