ETV Bharat / state

নাজিৰাত লেপটপ চোৰৰ বিলৈ..

author img

By

Published : Aug 27, 2020, 7:20 PM IST

বুধবাৰে বহিঃৰাজ্যৰ তিনিজন শ্ৰমিকে নাজিৰাৰ ন-কপৌহুৱা গাঁৱৰ পৰেশ বৰপাত্ৰ নামৰ এগৰাকী লোকৰ ঘৰত মাৰ্বল লগাবলৈ আহি এটা লেপটপ চুৰি কৰে বুলি অভিযোগ উত্থাপন কৰিছে গৃহস্থই ৷

ৰাইজৰ ৰোষত পৰিল তিনি অভিযুক্ত চোৰ
ৰাইজৰ ৰোষত পৰিল তিনি অভিযুক্ত চোৰ

নাজিৰা, 27 আগষ্ট: নাজিৰাৰ ন-কপৌহুৱা গাঁৱৰ পৰেশ বৰপাত্ৰ নামৰ এগৰাকী লোকৰ ঘৰত মাৰ্বল লগাবলৈ অহা বহিঃৰাজ্যৰ শ্ৰমিকে দিন দুপৰতে চোৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে গৃহস্থই ৷ বুধবাৰে দিন দুপৰতে ভুতু কুমাৰ, বিটু কুমাৰ আৰু ঋতিক কুমাৰ সিং নামৰ তিনিজন শ্ৰমিকে নাজিৰাস্থিত ন-কপৌহুৱা গাঁৱৰ লোক গৰাকীৰ ঘৰৰ পৰা এটা লেপটপ চুৰি কৰি লৈ যায় বুলি উল্লেখ কৰিছে গৃহস্থই ৷ বৃহস্পতিবাৰে পুনৰ পৰেশ বৰপাত্ৰ নামৰ লোকগৰাকীৰ ঘৰলৈ কাম কৰিব অহাত ৰাইজৰ ৰোষত পৰিল তিনি অভিযুক্ত চোৰ ৷ গাঁৱৰ ৰাইজে ৰ'দত কাণত ধৰাই আঁঠু কঢ়াই থলে অভিযুক্ত যুৱক তিনিজনক ৷ ইতিমধ্যে গৃহস্থই নাজিৰাৰ আদৰ্শ আৰক্ষী থানাত তিনিওজন অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ৷

নাজিৰাত ৰাইজৰ ৰোষত পৰিল তিনি অভিযুক্ত চোৰ

লগতে পঢ়ক: নগাঁৱত আৰক্ষীৰ জালত অবৈধ সুৰাসহ দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.