শিৱসাগৰ ,2 এপ্ৰিলঃশিৱসাগৰত নিৰ্বাচনৰ তৎপৰতাৰ মাজতে ব্যাপক হাৰত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । শিৱসাগৰ নগৰ আৰু দাতিকাষৰীয়া অঞ্চলত এতিয়ালৈকে চুৰি হৈছেচাৰিখন বুলেট । ইতিমধ্যে উদ্ধাৰ হৈছে দুখনকৈ চুৰি হোৱা বুলেট ৷
গণকপট্টিৰ পৰা জীৱন দাস নামৰ এজন লোকৰ এএচ-04টি-3721 নম্বৰৰ ৰয়েল এনফিল্ড বুলেটখন চোৰে লৈ যায় ৷ শেহতীয়াকৈ অতি দ্ৰুত গতিত ইখনৰ পিছত সিখন বুলেট চুৰি হোৱাৰ আঁৰত গাড়ী চোৰ মাদুৰী কলিতাৰ হাত থকা বুলি সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে ত্ৰিশটাতকৈও অধিক চুৰি ডকাইতিৰ গোচৰত অভিযুক্ত মাদুৰী কলিতা বিগত তিনিমাহ ধৰি এক গুলীচালনাৰ গোচৰত কাৰাগাৰত বন্দী হৈ থকাৰ পিছত কিছু দিনৰ পূৰ্বে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল । বুলেট চুৰি ঘটনাৰ লগত জড়িত মাদুৰী কলিতাৰ এসময়ৰ সহযোগী নৱজ্যোতি গগৈক শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা ইতিমধ্যে আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে ।
আনহাতে শিৱসাগৰ চহৰৰ মাজমজিয়াৰ থানাপট্টি অঞ্চলত সংঘটিত চুৰি কাণ্ডৰ মূল অভিযুক্ত বিতু আলি আৰু ৰুপাংকৰ হাজৰিকাক কৰায়ত্ব কৰে শিৱসাগৰ আৰক্ষীয়ে ৷ আৰক্ষীয়ে দুয়োজনৰ জিম্মাৰ পৰা 39 হেজাৰ টকা চুৰি ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। নিৰ্বাচনত আৰক্ষী ব্যস্ত হৈ থকাৰ সুবিধা লৈ এইদৰে চুৰি চক্ৰ সক্ৰিয় হোৱাক লৈ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে।