ETV Bharat / state

বিজেপিমুখী সুশান্তই ফোন নধৰা হ'ল কংগ্ৰেছ নেতাৰ - গেৰুৱা হ'ব খোজা কংগ্ৰেছ বিধায়ক

২ আগষ্টত গেৰুৱা বসন পিন্ধিব থাওৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহাইয়ে । বিজেপিমুখী‌ সুশান্তক বুজনি দিবলৈ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা নেতাই চেষ্টা অব্যাহত ৰাখিছে । কিন্তু কাৰোৰে ফোনৰ সঁহাৰি দিয়া নাই গেৰুৱা হ'ব খোজা কংগ্ৰেছৰ বিধায়কগৰাকীয়ে ।

susanta borgohain
বিজেপিমুখী সুশান্তই ফোন নধৰা হ'ল কংগ্ৰেছ নেতাৰ
author img

By

Published : Jul 28, 2021, 4:53 PM IST

গুৱাহাটী, ২৮ জুলাই : সকলো যদি ঠিকে থাকে তেন্তে ১ আগষ্টত কংগ্ৰেছৰ পৰা বিদায় লৈ ২ আগষ্টত গেৰুৱা বসন পিন্ধিব থাওৰা সমষ্টিৰ (Thowra Constituency) কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহাইয়ে (Susanta Borgohain) । পূৰ্বতে তেওঁ কেইদিনমান পলমকৈ বিজেপিত যোগ দিয়াৰ কথা আছিল যদিও শেহতীয়াকৈ দৃশ্যপট কিছু সলনি হৈছে । পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি সম্প্ৰতি চলি থকা বিধানসভাৰ বাজেট অধিৱেশনৰ পিছত অৰ্থাৎ আগষ্টৰ মধ্যভাগত বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিয়াৰ কথা আছিল কংগ্ৰেছ বিধায়কগৰাকী ।

ইপিনে বিজেপিমুখী‌ সুশান্তক বুজনি দিবলৈ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰা (Bhupen Bora) সমন্বিতে তিনিগৰাকীকৈ জ্যেষ্ঠ কংগ্ৰেছ নেতাই কেইবাবাৰো ফোনযোগে তেওঁক যোগাযোগৰ চেষ্টা চলাইছে ৷ তাৎপৰ্যপূৰ্ণভাৱে কাৰোৰে ফোনৰ সঁহাৰি দিয়া নাই গেৰুৱা হ'ব খোজা কংগ্ৰেছ বিধায়কগৰাকীয়ে । মন কৰিবলগীয়া যে, তেওঁৰ দুটাকৈ ম'বাইল নম্বৰৰ ভিতৰত এটা নম্বৰ বিগত তিনিদিনৰ পৰা বন্ধ হৈ থকাহে পোৱা গৈছে ।

উল্লেখযোগ্য যে, সুশান্ত বৰগোঁহাইৰ বিজেপি গমনে উজনি অসমত কংগ্ৰেছৰ ভেটি নিশ্চিতভাৱে সোলোক-ঢোলোক কৰিব ।

থাওৰাৰ উপৰিও উজনিৰ আৰু দুটা সমষ্টিহে বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছিল । গতিকে স্বাভাৱিকতে সুশান্ত বৰগোঁহাইয়ে বিজেপিত যোগ দিলে উজনিৰ কেৱল তিতাবৰ আৰু নাজিৰা সমষ্টিহে কংগ্ৰেছৰ হাতত থাকিব ‌। মৰিয়নী সমষ্টি ইতিমধ্যে হেৰুৱাইছে কংগ্ৰেছে ।

লগতে পঢ়ক: শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি লংকা সাংবাদিক সংস্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.