আমগুৰি,১০ ফেব্ৰুৱাৰী: আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পুত্ৰ তথা অসম যুৱ পৰিষদৰ সম্পাদক সুদৰ্শন হাজৰিকাৰ মহানুভৱতা। দুৰ্ঘটনাত আঘাতপ্ৰাপ্তৰ ঘৰত গৈ আগবঢ়ালে আৰ্থিক সাহাৰ্য। প্ৰায় এটা মাহৰ পূৰ্বে এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল নামতিৰ গণক আদৰ্শ গাঁৱৰ এইজন আজাৰুদ্দিন আলী। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ সম্বল যুৱকজন দীৰ্ঘদিনে শয্যাগত হৈ থকাৰ বাবে এতিয়া পানীত হাঁহ নচৰা অৱস্থা ঘৰখনত।
এই পৰিয়ালটোক সকাহ দিয়াৰ উদেশ্যে মঙলবাৰে যুৱকজনৰ ঘৰত উপস্থিত হয় অসম যুৱ পৰিষদৰ সম্পাদক সুদৰ্শন হাজৰিকা। হাজৰিকাই আজাৰুদ্দিনৰ সু-চিকিৎসাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে পৰিয়ালটোক । লগতে প্ৰদান কৰিলে আৰ্থিক সাহায্য । যুৱনেতাজনৰ এই মহানুভৱতাৰ বাবে ধন্যবাদ জনাইছে যুৱকজনৰ মাতৃ হাফিজা বেগমে।
লগতে পঢ়কঃ কোকৰাঝাৰত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ কেইবাটাও দাবীৰে অৱস্থান ধৰ্মঘট