ETV Bharat / state

ধোঁৱাচাঙত চৰকাৰী আঁচনি: 3 বছৰ পৰ্যন্ত সম্পূৰ্ণ নহ'ল সৌৰশক্তি চালিত পাম্প

author img

By

Published : Jun 25, 2022, 1:57 PM IST

আমগুৰি সমষ্টিত প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা ৰূপায়ণৰ নামত ব্যাপক লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে (PM Krishi Sinchay yojana)। তিনিবছৰ পৰ্যন্ত সম্পূৰ্ণ নহ'ল কৃষকৰ বাবে পৰিকল্পিত সৌৰশক্তি চালিত পানীৰ পাম্প (Solar powered pump not completed till 3 years)৷

Solar powered pump not completed till 3 years at Amguri
3 বছৰ পৰ্যন্ত সম্পূৰ্ণ নহ'ল সৌৰশক্তি চালিত পাম্প

আমগুৰি, ২৫ জুন: চৰকাৰী আঁচনিক ভেঙুচালি (PM Krishi Sinchay yojana) ৷ আমগুৰি সমষ্টিত প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা ৰূপায়ণৰ নামত ব্যাপক লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে । তিনিবছৰ পৰ্যন্ত সম্পূৰ্ণ নহ'ল কৃষকৰ বাবে পৰিকল্পিত সৌৰশক্তি চালিত পানীৰ পাম্প (Solar powered pump not completed till 3 years)৷

তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত লাভ কৰা তথ্য অনুসৰি সমষ্টিটোত প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠানে লুণ্ঠন চলোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ২০১৯ বৰ্ষতে আমগুৰি সমষ্টিত এই আঁচনিৰ অধীনত মুঠ ৮৫ টা সৌৰশক্তি চালিত পাম্পৰ বাবে 4, 34,64 হাজাৰ টকা আৱণ্টন কৰা হৈছিল ৷

ইয়াৰ পিছতে এম এচ এনভাইৰ'নমেন্ট টেকন' নামৰ এটা বহিৰাগত প্ৰতিষ্ঠানে এই পাম্পসমূহ বহুওৱাৰ কাম হাতত লৈছিল ৷ ইয়াৰে ৪০ টা সৌৰশক্তি চালিত পাম্পৰ বাবে প্ৰায় ৬ লক্ষাধিক টকা আৰু ৪৮ টা পাম্পৰ কাৰণে প্ৰায় ৫ লক্ষাধিক টকাকৈ পুঁজি ধাৰ্য কৰা হৈছিল ৷ কিন্তু 2019 বৰ্ষৰ পৰা ২০২০ চনৰ এপ্ৰিল মাহতে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ অহা আঁচনিখনৰ শেষ সময় আছিল ২০২১ চনৰ ডিচেম্বৰ মাহ ৷

যদিও আজি তিনিবছৰ পৰ্যন্ত সমষ্টিটোত পানীৰ পাম্পৰ 60 শতাংশ কামো সম্পূৰ্ণ হৈ উঠা নাই ৷ এই আঁচনিৰ নামত ঠিকাদাৰ প্ৰতিষ্ঠানে বৰ্তমানলৈ 2,45,83,545 টকা লৈ যায় বুলি তথ্যত প্ৰকাশ হৈছে ৷ এতিয়া এই বিষয় সন্দৰ্ভত সৰৱ হৈছে আমগুৰিৰ সদৌ টাই আহোম ছাত্ৰ সন্থা ৷ সন্থাটোৰ বিষয়ববীয়াসকলে অনাগত দিনত অতি সোনকালে পাম্প নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিভাগীয় মন্ত্ৰীয়ে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ অন্যথা সংগঠনটোৱ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ১ কোটিতকৈ অধিক গৃহ আৱন্টন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.