শিৱসাগৰ, 24 ডিচেম্বৰ: ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠেছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে শিৱসাগৰ নগৰৰ দৌলমুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷
কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীঘ্ৰে CAA বাতিল কৰিবলৈ কঠোৰভাৱে সকীয়নি প্ৰদান কৰে ৷ অন্যথা আগন্তুক সময়ত দেশত যদি CAA বিৰোধী আন্দোলনৰ বাবে গণতান্ত্ৰিক যুঁজ হয় তেন্তে তাত অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোডী ব্ৰহ্মপুত্ৰত উটি যাব বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক: বৰপেটাত কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত মানৱ শৃংখল