শিৱসাগৰ,13 মাৰ্চঃ শিৱসাগৰত উপস্থিত বিজেপি নেত্ৰী স্মৃতি ইৰাণী । শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ হৈ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে মন্ত্ৰী গৰাকীয়ে ।

উল্লেখযোগ্য যে, আজি অসমলৈ আহে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী ৷ বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমত উপস্থিত হৈছে ইৰাণী । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মৰিয়নী, শিৱসাগৰ আৰু চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাব । ভোটাৰৰ মন ভূলাবলৈ অসমত এতিয়া ৰথী-মহাৰথীৰ ভিৰ পৰিলক্ষিত হৈছে ৷
কাইলৈ অৰ্থাৎ দেওবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অসমলৈ আহিব । মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰ, মিত্ৰজোঁটৰ প্ৰাৰ্থী উৎপল বৰুৱা আৰু ভবেন ভড়ালীৰ হৈ জনসভাত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । একেদৰে ১৮ মাৰ্চত প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী মোডী অসমলৈ আহিব । ২০ মাৰ্চত চাবুৱা, ২১ মাৰ্চত বোকাখাতত প্ৰচাৰ চলাব মোডীয়ে ৷

শিৱসাগৰত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, "আজি মোৰ সন্মান আৰু গৰ্ব যে, ইমান প্ৰখৰ ৰ'দত আজি এইসকল লোক বিজেপিৰ পক্ষে থিয় দি আছে । সুৰভী ৰাজকুঁৱৰীৰ হৈ আজি ৰাইজ উপস্থিত হৈছে কেৱল উন্নয়নৰ বাবে । যেতিয়া কংগ্ৰেছ দলৰ কেন্দ্ৰত চৰকাৰ আছিল, তেতিয়া কিন্তু অসমলৈ ৬০ হাজাৰ কোটি টকা উন্নয়নৰ বাবে দিয়া নাছিল । কিন্তু মোডী চৰকাৰে পঞ্চদশ বিত্তীয় বৰ্ষত অসমলৈ ১ কোটি ৭০ লাখ টকা উন্নয়নৰ বাবে দিছিল । উন্নয়ন তেতিয়াহে হ'ব যেতিয়া কেন্দ্ৰৰ তৰফৰ পৰা আৰ্থিক অনুদান আহিব । এই উন্নয়নৰ বাবে ৰাইজে ইভিএম মেচিনত পদুমৰ বুটাম টিপিব লাগিব । দেশ ক'ৰণা কালত ভূগি থকাৰ সময়ত দেশৰ ৮০ কোটি দুখীয়া লোকক বিনা পইচাত খাদ্যৰ যোগান দিয়া হৈছিল । বিজেপি চৰকাৰে আঁচনিৰ ধন পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংকত দিয়াৰ ব্যৱস্থা কৰিলে । কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতিৰ বাবে এনে ধন ৰাইজে নাপালে ৷ কংগ্ৰেছ দলৰ চোৰবোৰৰ বাবে ৰাইজৰ ধন ৰাইজে নাপালে ৷ এনে দুৰ্নীতিবোৰৰ বাবে ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে । এতিয়া কংগ্ৰেছৰ এনে অৱস্থা যে, নিজ দলৰ ভিতৰতে অৱস্থা নাই । তেওঁলোকৰ নিজৰে নাও ডুবি আছে, ৰাইজক কি ৰক্ষা কৰিব"।

"আজি শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থীয়ে কৈছে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ কথা, এইটো বহু ডাঙৰ বিষয় । কিন্তু কংগ্ৰেছ দলে ৰাইজৰ বাবে শৌচালয়ে নিৰ্মাণ কৰিব নোৱাৰিলে । মহাবিদ্যালয়-বিশ্ববিদ্যালয় কি নিৰ্মাণ কৰিব ! মই যোৱাৰ আগত শিৱসাগৰৰ ৰাইজক এক অনুৰোধ কৰি যাওঁ, ৰাইজে যোৱাবাৰ যি ভুল কৰিলে এইবাৰ যাতে নকৰে"। পদুমত উঠি অহা লক্ষ্মীক আদৰি আনিবৰ বাবে বিজেপি প্ৰাৰ্থীক জয়ী কৰাৰ বাবে এনেদৰে ৰাইজক আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৷