ETV Bharat / state

নগালেণ্ডত শিৱসাগৰৰ যুৱকৰ ৰহস্যজনক মৃত্যু - Sivsagar youth's mysterious death

নগালেণ্ডৰ পৰা ৰহস্যজনক ভাৱে উদ্ধাৰ হৈছে হাতীৰ মাউত হিচাপে কৰ্মৰত নিতুল বৰা নামৰ যুৱকজনৰ মৃতদেহ ৷ হাতীৰ মালিক সোনটো নেওগে যুৱকজনক হত্য়া কৰাৰ সন্দেহ প্ৰকাশ কৰিছে যুৱকজনৰ পৰিয়াল তথা স্থানীয় ৰাইজে ৷

sivsagar-youths-mysterious-death-in-nagaland
নগালেণ্ডত শিৱসাগৰৰ যুৱকৰ ৰহস্যজনক মৃত্যু
author img

By

Published : May 27, 2021, 9:59 PM IST

আমগুৰি,27 মে': চুবুৰীয়া ৰাজ্য নগালেণ্ডত এজন যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে নিশা শিৱসাগৰৰ নামতি দিকচু খনিকৰ গাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । নিতুল বড়া নামৰ এজন যুৱকৰ মৃতদেহক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ । পৰৱৰ্তী সময়ত আমগুৰি আৰু নামতি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ঘটনাৰ প্ৰকৃত কাৰণ বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷ ঘটনাক লৈ বৰ্তমানেও এক তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে গাঁও খনত ৷ যুৱকজনৰ মৃত্যুক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷

উল্লেখ যোগ্য যে নিতুল বৰা নগালেণ্ডত হাতীৰ মাউত হিচাপে কৰ্মৰত আছিল । হাতীৰ মালিক সোনটো নেওগে নিতুল বড়াৰ হাতীৰ আক্ৰমণত মৃত্যু হোৱা বুলি খবৰ দি নিতুল বড়াৰ ককায়েকৰ হাতত মৃতদেহ চমজাই দিয়ে। মৃতদেহটো গাঁও আহি পোৱাৰ লগে লগেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । স্থানীয় লোকে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰি মৃতদেহ চমজি নোলোৱাৰ দাবী জনায় ৷ ৰাইজৰ প্ৰশ্ন, যদিহে নিতুল বড়াৰ হাতীৰ আক্ৰমণতে মৃত্যু হৈছিল, তেন্তে মৰণোত্তৰ পৰীক্ষা কিয় কৰা নহ'ল ? লগতে হাতীৰ মালিক সোনটো নেওগ নিতুল বড়াৰ গাঁৱত আহি উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰা গাঁওবাসীয়ে এই ঘটনাৰ আঁৰত সোনটো নেওগ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে ৷ ইফালে ক'ভিড মহামাৰীৰ বাবে আতংকিত হৈ থকা গাঁওবাসীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা নকৰাত অধিক চিন্তিত হৈ পৰিছে । কিয়নো যদিহে নিতুল বড়াৰ দেহত কৰ'না ভাইৰাছৰ উপস্থিতি আছে তেনেহ'লে সমগ্ৰ গাঁৱত এই ভাইৰাছ বিয়পি পৰাৰো আশংকা কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ নগা দুৰ্বৃত্তৰ গুলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.