ETV Bharat / state

শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন - জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ

সোমবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰৰ প্রেছ ক্লাবত জিলা প্ৰশাসনৰ উদ্যোগত তথা তথ্য আৰু জনসংযোগ বিভাগ আৰু ই-মিডিয়াৰ সহযোগত এখনি সভা অনুষ্ঠিত হৈ যায় ।

sivsagar-national-press-day
শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
author img

By

Published : Nov 16, 2020, 5:13 PM IST

শিৱসাগৰ,16 নৱেম্বৰ : সোমবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰৰ প্রেছ ক্লাবত শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত, জিলা তথ্য আৰু জনসংযোগ বিভাগ তথা স্থানীয় প্রেছ ক্লাব আৰু ই-মিডিয়াৰ সহযোগত এখনি সভা অনুষ্ঠিত হৈ যায় ।

পুৱা 11 বজাৰ পৰা অনুষ্ঠিত হোৱা সভাত প্রেছ ক্লাবটোৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ইনামূল হাজৰিকাই আঁত ধৰা সভাত সভাপতিত্ব কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্তই । সভাত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে । সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক শোভিত ছেত্রীৰ লগতে বিদ্যালয়সমূহৰ পৰিদর্শক আব্দুল জেলিল, বিশিষ্ট কবি প্রেম গগৈ আদি ।

শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

উল্লেখ্য যে, এই বছৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল আলোচ্য বিষয় "সংবাদ মাধ্যমৰ ওপৰত ক'ভিড-১৯ অতিমাৰীৰ প্ৰভাৱ আৰু এই সময়ত সংবাদ মাধ্যমৰ ভূমিকা" - বিষয়ত বিস্তৃত বক্তৃতা প্ৰদান কৰে সাংবাদিক শোভিত ছেত্রীয়ে । সভাৰ তাৎপৰ্য বাখ্যা কৰে সাংবাদিক ভৈৰৱ মুণ্ডায়ে । সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই জিলা তথ্য আৰু জনসংযোগ বিষয়া হাচনাহানা বেগমে । উক্ত অনুষ্ঠানত ছপা মাধ্যম, বৈদ্যুতিন মাধ্যম আৰু তৰংগ মাধ্যমৰ ভালেসংখ্যক সংবাদকর্মী উপস্থিত থাকে ।

লগতে পঢ়ক: অশ্ৰুসিক্ত নয়নেৰে বিদায় শ্বহীদ সুবোধ ঘোষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.