শিৱসাগৰ, 20 নৱেম্বৰঃ জৰাজীৰ্ণ পথৰ পুনৰ নিৰ্মাণৰ বাবে প্ৰতিবাদত নামিল শিৱসাগৰৰ গোঁহাই গাঁৱৰ মহিলাসকল ৷ উল্লেখ্য যে,শিৱসাগৰ নগৰৰ মাজমজিয়াৰ আমোলাপট্টি গোঁহাই গাঁৱৰ পৰা বি জি ৰোড সংযোগী পথচোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা হেতু অঞ্চলটোৰ ৰাইজে বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ শিৱসাগৰ পৌৰসভাৰ তিনিটাকৈ ৱাৰ্ড সংযুক্ত হৈ থকা এই পথচোৱা এজাক বৰষুণতে জলমগ্ন হৈ পৰে ৷ যাৰ ফলত স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয় ৷
দীৰ্ঘদিনীয়া এই সমস্যাৰ সমাধানৰ দাবীত বুধবাৰে অঞ্চলটোৰ মহিলাসকলে ন-আলি অৱৰোধ কৰে ৷ আনহাতে পথ মেৰামতি সন্দৰ্ভত প্ৰশাসনৰ পৰা লিখিত প্ৰতিশ্ৰুতি লাভ নকৰা পৰ্যন্ত অনিৰ্দিষ্ট কাললৈ পথটোত যাতায়ত বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰে ৰাইজে ৷