শিৱসাগৰ, 21 নৱেম্বৰঃ শিৱসাগৰ নগৰৰ দৰিকাপাৰৰ সমীপৰ এখন চৰকাৰী বিদ্যালয়ৰ নিৰ্মাণ বিসংগতিক লৈ বৃহস্পতিবাৰে উত্তপ্ত হৈ পৰে বিদ্যালয়খনৰ পৰিস্থিতি। বিদ্যালয় ভৱন নিৰ্মাণত হোৱা বিসংগতি আৰু আবণ্টিত পুঁজিৰ অপব্যৱহাৰক লৈ জৱাবদিহি কৰে স্থানীয় ৰাইজে বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিক।
উল্লখ্য যে,খাতপথাৰ দৰিকাপাৰত অৱস্থিত ৰংপুৰ ৰাষ্ট্ৰভাষা প্ৰাথমিক বিদ্যালয়খনৰ মাটি নিৰ্মাণ হ'বলগীয়া চাৰিলেনযুক্ত পথৰ বাবে এৰি দিবলগীয়া হোৱাত প্ৰায় ৪২ লাখ টকা লাভ কৰিছিল বিদ্যালয়খনে । লাভ কৰা পুঁজি বিদ্যালয় পৰিচালনা সমিতিয়ে নিজৰ তত্বাৱধানত নতুন ভৱন নিৰ্মাণত ব্যয় কৰাৰ সিদ্ধান্ত লৈ এজন ঠিকাদাৰক কামৰ দায়িত্ব দিয়ে। কিন্তু বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি সুনীল শৰ্মা আৰু প্ৰধান শিক্ষক শিৱমণি গুপ্তাই বিদ্যালয় নিৰ্মাণৰ নামত পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । ঠিকাদাৰ জনৈক বাবাৰ লগত সভাপতি-সম্পাদকে বুজাবুজি কৰি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ লগতে কোনো পৰিকল্পনা নোহোৱাকৈ বিদ্যালয় খন নিৰ্মাণ কৰাৰ অভিযোগ তুলি বৃহস্পতিবাৰে ৰাইজে বিদ্যালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। মাটি যোৱাৰ বাবদ লাভ কৰা ৪২ লাখ টকাৰ ইতিমধ্যে প্ৰায় ৩০ লাখ টকা ব্যয় কৰিছে যদিও বিদ্যালয় খনৰ ৫০ শতাংশ কাম সম্পূৰ্ণ নোহোৱা বুলি অভিযোগ উত্থাপন ৰাইজৰ ।
আনহাতে, এই সমগ্ৰ বিষয় ৰাইজৰ জ্ঞাতাৰ্থে মুকলি কৰিবৰ বাবে এখন ৰাজহুৱা সভাৰ আহ্বান কৰি সকলো দিশ ফঁহিয়াই চাই বিদ্যালয় খনৰ নিৰ্মাণ অনতিপলমে সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰিছে । পৰিচালনা সমিতিৰ সভাপতি সুনীল শৰ্মাই ইতিমধ্যে ব্যয় হোৱা ধনৰ বিনিময়ত বিদ্যালয় খনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লগতে ৰাইজৰ অভিযোগ সমূহ বুজি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ।
উল্লেখ্য যে, প্ৰায় ৪০ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৪ গৰাকী শিক্ষক থকা বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশক লৈও ৰাইজে অভিযোগ দাখিল কৰি এই সন্দৰ্ভত প্ৰাথমিক শিক্ষা বিষয়াৰ হস্তক্ষেপ দাবী কৰিছে ।
লগতে চাওকঃগৃহমন্ত্ৰীৰ এন আৰ চি সন্দৰ্ভত কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ