ETV Bharat / state

শিৱসাগৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে সকলো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা

author img

By

Published : May 9, 2020, 2:57 PM IST

Updated : May 9, 2020, 3:08 PM IST

কৰ'ণা প্ৰতিৰোধৰ বাবে শিৱসাগৰত স্বাস্থ্য বিভাগে পৰ্যৱেক্ষণ, হোম কোৱাৰেণ্টাইন, ফেচিলিটী কোৱাৰেণ্টাইন, নমুনা পৰীক্ষা, সজাগতা, চেনিটাইজেশ্যন আদিকে ধৰি বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

sivsagar district administration takes all precaution against corona

শিৱসাগৰ, 9 মে': কৰ'ণা প্ৰতিৰোধৰ বাবে শিৱসাগৰ স্বাস্থ্য বিভাগে লৈছে সকলো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা । পৰ্যৱেক্ষণ, হোম কোৱাৰেণ্টাইন, ফেচিলিটী কোৱাৰেণ্টাইন, নমুনা পৰীক্ষা, সজাগতা, চেনিটাইজেশ্যন আদি বিভিন্ন প্ৰতিৰোধমূলক আৰু প্ৰতিহতমূলক ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে । বৰ্তমান জিলাখনত ৩০৮৭ গৰাকী লোকক পৰ্যৱেক্ষণত ৰখা হৈছে । ইয়াৰ ভিতৰত ৩৪৪ গৰাকী লোকক হোম কোৱাৰেণ্টাইনত ৰখাৰ বিপৰীতে, ৩২ গৰাকী লোকক চৰকাৰী সুবিধালব্ধ কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছে । শিৱসাগৰ জিলাৰ নাজিৰা, আমগুৰি, ডিমৌ আৰু শিৱসাগৰ চহৰত ফেচিলিটী কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছে ।

শিৱসাগৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে সকলো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা

ইয়াৰে শিৱসাগৰ নগৰৰ আদৰ্শ চিকিৎসালয় আৰু ডিমৌৰ পলিটেকনিক হোষ্টেলত মুঠ ৩২ গৰাকী লোকক ফেচিলিটী কোৱাৰেণ্টাইনত ৰাখিছে স্বাস্থ্য বিভাগে । শিৱসাগৰ নগৰৰ আদৰ্শ চিকিৎসালয়ত ১২ গৰাকী লোকক ৰখাৰ বিপৰীতে ডিমৌৰ পলিটেকনিক হোষ্টেলত ২০ গৰাকী লোকক ৰখা হৈছে । বৰ্তমানলৈকে জিলাখনৰ মুঠ ৪১৭ গৰাকী লোকৰ কৰ'ণা ভাইৰাছৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে, ৪১৬ গৰাকীৰ নমুনা ফলাফল নিগেটিভ অহাৰ বিপৰীতে এটা পৰীক্ষাৰ ফলাফল এতিয়াও আহিবলৈ বাকী আছে । জিলাখনত মুঠ ৬৬৯ ফেচিলিটী কোৱাৰেণ্টাইন বিচনা উপলব্ধ থকাৰ বিপৰীতে, ১৫৬ খন আইচ'লেশ্যন বিচনা উপলব্ধ আছে । শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৫০ খন, চাহ বাগান এলেকাৰ চিকিৎসালয়ত ৯৬ খন আৰু ব্যক্তিগত চিকিৎসালয়ত ১৯ খন আইচ'লেশ্যন বিচনা ৰখা হৈছে ।

লগতে পঢ়কঃ কাছাৰত কৰ'ণা আক্ৰান্তৰ সংখ্যা 11 গৰাকীলৈ বৃদ্ধি

Last Updated : May 9, 2020, 3:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.