ETV Bharat / state

শিৱসাগৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰদৰ্শন । চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাকে ধৰি কেইবাটাও দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ।

author img

By

Published : Sep 30, 2020, 2:16 PM IST

শিৱসাগৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

শিৱসাগৰ, ৩০ছেপ্টেম্বৰ : শিৱসাগৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী । বিভিন্ন দাবী পূৰণৰ বাবে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিয়ে । চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি, চাহ জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান আৰু ভূমি পট্টা প্ৰদান এই তিনি দাবীক উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । শীঘ্ৰে এই দাবীসমূহ পূৰণৰ ব্যৱস্থা নকৰিলে আগন্তুক ২০২১ চনৰ নিৰ্বাচনত চাহ জনজাতিৰ লোকসকলে বিজেপি দলক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক : মানিকপুৰত শোকাৱহ পথ দুৰ্ঘটনাত নিহত তিনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.