ETV Bharat / state

National Power Lifting : ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জ দখল জয়সাগৰৰ লাচিত ফুকনৰ

author img

By

Published : Oct 21, 2022, 2:28 PM IST

Updated : Oct 21, 2022, 3:26 PM IST

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দাঁতিকাষৰীয়া হাতীঘুলি অঞ্চলৰ যুৱক হৈছে লাচিত ফুকন (Sivasagar youth success in National power lifting) । সৰুৰে পৰাই ক্ৰীড়াত ৰাপ থকা যুৱকজনে আৰ্থিক দীনতাকো নেওচি প্ৰত্যাহ্বানৰ মাজেৰে চলাই গৈছিল নিজৰ ক্ৰীড়া জীৱন । এখন চেলুনৰ জৰিয়তে পৰিয়াল পোহ-পাল দিয়াৰ উপৰি সমান্তৰালকৈ শক্তি উত্তোলনৰ সৈতে জড়িত খেলুৱৈগৰাকীয়ে নিয়মীয়াকৈ প্ৰশিক্ষণ অব্যাহত ৰাখিছিল ।

Sivasagar
Sivasagar

আমগুৰি, ২১ অক্টোবৰ : সকলোৰে পৰিচিত চুলিকটা ল'ৰাটোৱে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকালে ৰাজ্যৰ নাম । মুম্বাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তি উত্তোলন (National Power Lifting Competetion) প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিলে নাপিত হিচাপে পৰিচিত লাচিত ফুকনে । যাৰ ফলত বাসগৃহত উপস্থিত হোৱাৰ পাছতেই ৰাইজে তেওঁক বিপুল আদৰণি জনায় ।

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দাঁতিকাষৰীয়া হাতীঘুলি অঞ্চলৰ যুৱক হৈছে লাচিত ফুকন (Sivasagar youth success in National power lifting) । সৰুৰে পৰাই ক্ৰীড়াত ৰাপ থকা যুৱকজনে আৰ্থিক দীনতাকো নেওচি প্ৰত্যাহ্বানৰ মাজেৰে চলাই গৈছিল নিজৰ ক্ৰীড়া জীৱন । এখন চেলুনৰ জৰিয়তে পৰিয়াল পোহ-পাল দিয়াৰ উপৰি সমান্তৰালকৈ শক্তি উত্তোলনৰ সৈতে জড়িত খেলুৱৈগৰাকীয়ে নিয়মীয়াকৈ প্ৰশিক্ষণ অব্যাহত ৰাখিছিল ।

National Power Lifting : ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জ দখল জয়সাগৰৰ লাচিত ফুকনৰ

অৱশেষত কষ্টৰ ফল লাভ কৰিলে খেলুৱৈগৰাকীয়ে । মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তি উত্তোলন প্ৰতিযোগিতাত খেলুৱৈগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ্য, মুম্বাইলৈ যোৱাৰ বাবে ধনৰ অভাৱ হোৱাত স্থানীয় লোকৰ সহায়েৰে খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল ।

ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভৰ পাছতেই স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে অঞ্চলবাসী । মুম্বাইৰ পৰা আহি গৌৰীসাগৰত খেলুৱৈজন উপস্থিত হোৱাৰ লগে লগেই স্থানীয় লোকে তেওঁক বিপুল আদৰণি জনায় । কেৱল অঞ্চলটোৰে নহয় ৰাজ্যখনৰ নাম জিলিকাই তোলা পেছাত নাপিত প্ৰতিভাৱান খেলুৱৈজনক পিছৰ পৰ্যায়ত অধিক আগুৱাই যোৱাৰ ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনে সহায় আগবঢ়াব বুলি আশাবাদী স্থানীয় ৰাইজ ।

উল্লেখ্য, বৰ্তমান সময়ত ক্ৰীড়া ক্ষেত্ৰত অসমৰ সন্তানে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে । ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওক, প্ৰায়বোৰ ক্ষেত্ৰতে উজলিছে অসমৰ খেলুৱৈ । শেহতীয়াকৈ অলিম্পিক, এছিয়ান গেমছ, কমনৱেলথ গেমছ সকলোতে অসমৰ খেলুৱৈয়ে পদক জয়েৰে ৰাজ্যৰ নাম উজলাবলৈ সক্ষম হৈছে (Success of Assam players)।

যাৰ বাবে ৰাজ্যখনত ক্ৰীড়াৰ প্ৰতি আগ্ৰহ যথেষ্ট বৃদ্ধি পাইছে । অভিভাৱকসকলেও নিজৰ সন্তানক বিভিন্ন ক্ৰীড়াৰ প্ৰশিক্ষণ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে । চৰকাৰেও ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে (Assam Govt initiative for player) ।

লগতে পঢ়ক :Martial Arts Championship: ৰাষ্ট্ৰীয় টং ইল মুডো মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপত দ্বিতীয় স্থানত অসম

Last Updated : Oct 21, 2022, 3:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.