ETV Bharat / state

Youth abused in abroad : বহিঃৰাজ্যত শাৰিৰীক মানসিক নিৰ্যাতনৰ বলি অসমৰ যুৱক

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 10:18 AM IST

বহিঃৰাজ্যত নিৰ্যাতনৰ বলি অসমৰ যুৱক ৷ ভুক্তভোগীয়ে হালোৱাটিং আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । বিগত চাৰিবছৰে অৰুণাচলত আৱদ্ধ হৈ আছিল হালোৱাটিং বৰছিলাৰ তুলন গগৈ ।

Youth abused in abroad
বহিঃৰাজ্যত নিৰ্যাতনৰ বলি অসমৰ যুৱক
বহিঃৰাজ্যত শাৰিৰীক মানসিক নিৰ্যাতনৰ বলি অসমৰ যুৱক

আমগুৰি, 30 ছেপ্টেম্বৰ: বহিঃৰাজ্যত আৱদ্ধ অসমৰ বহু যুৱক । অৰুণাচলত উদ্ধাৰ হোৱা আমগুৰিৰ যুৱকে পোহৰলৈ আনিছে ভয়ংকৰ তথ্য । অৰুণাচলৰ দিবাং ভেলী জিলাৰ আনিনি থানাৰ অৰ্ন্তগত গিপুলিন গাঁওৰ পৰা উদ্ধাৰ হৈছে অসমৰ যুৱক তুলন গগৈ । যোৱা চাৰিবছৰে অৰুণাচলত আৱদ্ধ হৈ আছিল হালোৱাটিং বৰছিলাৰ তুলন গগৈ । ঘটনাৰে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে তুলন গগৈৰ সম্বন্ধীয় দুলু বুঢ়াগোঁহাই আৰু তেওঁৰ বন্ধু অৰবিন্দ হাজৰিকাৰ বিৰুদ্ধে ।

অৰবিন্দ হাজৰিকাই তুলন গগৈক শকত অংকৰ বিনিময়ত অৰুণাচলত বিক্ৰী কৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে । ভুক্তভোগী তুলন গগৈক গিপুলিন গাঁওৰ উদ্ধাৰু মেহুৱে শাৰীৰিক নিৰ্যাতন চলোৱাৰো অভিযোগ উঠিছে । তুলন গগৈক মাৰধৰ কৰা লগতে দাঁত ভাঙি দিয়া বুলি জনায় ভুক্তভোগী গগৈয়ে । যোৱা 27 ছেপ্টেম্বৰত পৰিয়ালৰ লোকে তুলনক উদ্ধাৰ কৰি অনাৰ পাছতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ ঘটনা ।

পৰিয়ালৰ লোকে তুলনক আনিনি থানাৰ আৰক্ষীৰ সহযোগত এক দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অৰুণাচলৰ সেই স্থানত অসমৰ আৰু বহু লোক আৱদ্ধ হৈ আছে বুলি জনায় তুলন গগৈয়ে । আৱদ্ধ সেইসকল যুৱকক এই মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰৰ বাবে আৰক্ষীৰ সহায় বিচাৰিছে ভুক্তভোগীয়ে । ইতিমধ্যে হালোৱাটিং আৰক্ষী থানাত সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ।

উল্লেখ্য যে, 4 বছৰৰ পূৰ্বে হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত বৰছিলাৰ তুলন গগৈ নামৰ ব্যক্তিজন কৰ্মৰ সন্ধানত ওলাই গৈছিল । কৰ্মৰ সন্ধানত ওলাই যোৱা তুলন গগৈক সম্বন্ধীয় ভিনিহিয়েক দুলু বুঢ়াগোঁহাইয়ে ডিগবৈৰ টিংৰাই বজাৰৰ অৰবিন্দ হাজৰিকাক গতাই দিয়ে । এই অৰবিন্দই তুলন গগৈক মাহিলি অধিক পাৰিশ্ৰমিক দিয়াৰ লোভ দেখুৱাই অৰুণাচল প্ৰদেশৰ দিবাংভেলী জিলাৰ আনিনি থানাৰ অন্তৰ্গত উদ্ধাৰু মেহুক চমজাই দিয়ে ।

ভুক্তভোগী তুলন গগৈক যোৱা চাৰি বছৰ ধৰি প্ৰাপ্য মজুৰি নিদিয়াৰ অভিযোগ আনিছে তেওঁ নিজে । নিজৰ পৰিয়ালৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিবলৈ নিদিয়াৰ লগতে ঘৰলৈ আহিব বিচাৰিলেই শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা বুলি প্ৰকাশ কৰিছে তুলন গগৈয়ে । অৱশেষত তুলন গগৈৰ পৰিয়ালৰ লোকে গিপুলিন গাঁৱৰ এক দুৰ্গম অঞ্চলত স্থানীয় আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি আনে । ভুক্তভোগীয়ে হালোৱাটিং আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ।

লগতে পঢ়ক: ASIAN GAMES 2023: 72 বছৰৰ পাচত শ্বট পুটত পদক জয় কৰি দেশলৈ সন্মান কঢ়িয়ালে কিৰণ বালিয়ানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.