ETV Bharat / state

ঐতিহাসিক ন-পুখুৰীৰ পাৰত শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

author img

By

Published : May 13, 2019, 7:41 PM IST

শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ আমগুৰি ৰাজহ চক্ৰ বিষয়া মৌচুমী চুতীয়াৰ নেতৃত্বত ঐতিহাসিক ন-পুখুৰীৰ পাৰত উচ্ছেদ অভিযান ৷

শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

শিৱসাগৰ, 13 মে' : ঐতিহাসিক ন-পুখুৰীৰ পাৰত শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ ৷ আমগুৰি ৰাজহ চক্ৰ বিষয়া মৌচুমী চুতীয়াৰ নেতৃত্বত পুখুৰীৰ দুয়োপাৰত বসবাস কৰি থকা অৰ্ধ-শতাধিক লোকৰ বাসগৃহত পৰিল প্ৰশাসনৰ হাতোৰা ৷ শনিবাৰে জাননী জাৰি কৰি সোমবাৰে পুৱাৰে পৰা অভিযান চলোৱাত দিক্-বিদিক শূণ্য হৈ পৰে বিগত বহু সময় ধৰি ন-পুখুৰীৰ পাৰত বাস কৰি অহা লোকসকলে ৷ অঞ্চলটোত বাস কৰি অহা লোকসকলৰ অভিযোগ, দুদিন পূৰ্বেই জাননী প্ৰেৰণ কৰিয়েই প্ৰশাসনে উচ্ছেদ কাৰ্য চলোৱাত ক্ষোভিত হৈ পৰে লোকসকল ৷

শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

ইফালে ন-পুখুৰী পাৰৰ দৰিদ্ৰ লোকসকলক উচ্ছেদ কৰা প্ৰশাসনে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ দ' খাৱৈ মাছ পালনৰ বাবে লীজত লৈ ধাবা, অট্টালিকা বনোৱা অবৈধ বেদখলকাৰীৰ সম্পৰ্কত নিশ্চুপ থাকি পক্ষপাতিত্বমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ লগতে উচ্ছেদিত লোকক উপযুক্ত সংস্থাপনৰ লগতে প্ৰশাসনে উচ্ছেদৰ ক্ষেত্ৰত পক্ষপাতিত্বমূলক মানসিকতা পৰিহাৰ নকৰিলে আন্দোলন চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

*ঐতিহাসিক ন-পুখুৰীৰ পাৰত শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ*

Story: eviction
Ananta Smith
Sivasagar
13th May

A_SVR_13TH_MAY_807-810_EVICTION_7203499

ঐতিহাসিক ন-পুখুৰীৰ পাৰত শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ ৷ আমগুৰি ৰাজহ চক্ৰ বিষয়া মৌচুমী চুতীয়াৰ নেতৃত্বত চলিছে অভিযান ৷ পুখুৰীৰ দুয়োপাৰত বসবাস কৰি থকা অৰ্ধ শতাধিক বাসগৃহত প্ৰশাসনৰ বুলডজাৰ ৷ ইফালে শনি বাৰে জাননী জাৰি কৰি সোমবাৰে পুৱাৰ পৰা অভিযান চলোৱাৰ অভিযোগ উচ্ছেদিতৰ ৷ তিনি শতাধিক বাসিন্দাই হেৰুৱাইছে দিক্ বিদিক ৷
  ইফালে ন-পুখুৰী পাৰৰ দৰিদ্ৰ লোক সকলক উচ্ছেদ চলোৱা প্ৰশাসনে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ গড় খাৱৈ মাছ পালনৰ বাবে লীজত লৈ ধাবা, অট্টালিকা বনোৱা অবৈধ বেদখলকাৰীৰ সম্পৰ্কত নিশ্চুপ থাকি পক্ষপাতিত্বমূলক আচৰণ কৰাৰ অভিযোগ কৃষক মুক্তিৰ ৷ সংগঠনটোৱে উচ্ছেদিত লোকক উপযুক্ত সংস্থাপনৰ লগতে প্ৰশাসনে উচ্ছেদৰ ক্ষেত্ৰত পক্ষপাতদুষ্ট মানসিকতা পৰিহাৰ নকৰিলে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে ৷

Bite-1 :কৃষক মুক্তি সংগ্ৰাম সমিতি

Bite-2: উচ্ছেদিত লোক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.